গীতমালা150asm_irv

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।ঈশ্বৰৰ পবিত্ৰ স্থানত তেওঁৰ প্ৰশংসা কৰা;তেওঁৰ শক্তিৰে গঢ়া আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰা।2তেওঁৰ মহৎ কাৰ্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰা,তেওঁৰ প্ৰচুৰ মহিমাৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা।3শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা;নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা।4খঞ্জৰী লৈ নাচি নাচি তেওঁৰ প্ৰশংসা কৰা;তাঁৰযুক্ত বাদ্যযন্ত্ৰ আৰু বাঁহীৰে তেওঁৰ প্ৰশংসা কৰা।5কৰতালৰ উচ্চ ধ্বনিৰে সৈতে তেওঁৰ প্ৰশংসা কৰা;কাণ ফাটি যোৱা কৰতালৰ ধ্বনিৰে তেওঁৰ প্ৰশংসা কৰা।6শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক।তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।