গীতমালা149asm_irv
1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা,ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,2ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক;চিয়োনৰ সন্তান সকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।3তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক,খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।4কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়;তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।5ভক্তসকলে বিজয়ত উল্লাসিত হওক;তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।6তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক,তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;7যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে,আৰু লোক সমূহক শাস্তি দিব পাৰে;8যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে,তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে;9যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে,এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ।তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।