গীতমালা146asm_irv

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা।2মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম,জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।3তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা;তেওঁলোকে সহায় কৰিব নোৱাৰে।4তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়;সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।5যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য;যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।6তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা,তেওঁ অনন্তকালে বিশ্বাসযোগ্য।7তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে,ক্ষুধাতুৰবোৰক আহাৰ দান কৰে;যিহোৱাই বন্দীবোৰক মুক্ত কৰে;8যিহোৱাই অন্ধবোৰৰ চকু মুকলি কৰে,নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে;যিহোৱাই ধাৰ্মিক লোকক প্ৰেম কৰে;9যিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে,তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে,কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।10যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব;হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব।তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।