দায়ুদৰ ৰচিত গীত
1যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা;তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।2তেওঁ মোৰ চিৰস্থায়ী প্রেম আৰু মোৰ কোঁঠ,মোৰ উচ্চ দুৰ্গ আৰু মোৰ উদ্ধাৰকৰ্ত্তা;তেওঁ মোৰ ঢাল আৰু মই তেওঁতে আশ্ৰয় লওঁ।তেৱেঁই জাতি সমূহক মোৰ অধীনত আনে।3হে যিহোৱা, মানুহ নো কি যে তুমি মানুহক গণ্য কৰা?মনুষ্যই বা কি যে তুমি তেওঁলোকলৈ মনোযোগ দিয়া?4মনুষ্য নিঃশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা।5হে যিহোৱা, তোমাৰ আকাশ-মণ্ডলক দোঁৱাই নত কৰি তুমি নামি আহাঁ;পৰ্বতবোৰক স্পৰ্শ কৰা যাতে সেইবোৰৰ পৰা ধুঁৱা ওলাব।6তুমি বজ্ৰপাত পেলাই শত্রুবোৰক বিছিন্ন কৰা;তোমাৰ কাঁড় মাৰি তেওঁলোকক বিহ্বল কৰি তোলা।7তুমি ওপৰৰ পৰা তোমাৰ হাত মেলি দিয়া;মোক মুক্ত কৰা, মহাজলৰ পৰা মোক ৰক্ষা কৰা;সেই অন্য জাতিৰ হাতৰ পৰা মোক ৰক্ষা কৰা।8তেওঁলোকৰ মুখে মিছা কথা কয়,তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকৰ কার্য কৰে।9হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম;দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম।10তুমিয়েই ৰজাসকলক জয়দান কৰা;তুমিয়েই নিজ দায়ুদক উদ্ধাৰ কৰিলা।11নিষ্ঠুৰ তৰোৱালবোৰৰ পৰা মোক ৰক্ষা কৰাআৰু বিদেশীবিলাকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা;তেওঁলোকৰ মুখে মিছা কথা কয়,তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকতাৰ কার্য কৰে।12আমাৰ পুত্ৰবোৰ যেন গছ পুলিৰ নিচিনাকৈ যৌৱনত বৃদ্ধি পায়,আমাৰ কন্যাবোৰ যেন ৰাজঅট্টালিকাৰ গাঁথনিৰ খোদিত কৰা চুকৰ স্তম্ভৰ নিচিনা হয়;13আমাৰ ভঁড়ালবোৰ যেন সকলো ধৰণৰ উৎপাদনৰ খাদ্যবস্তুৰে পৰিপূৰ্ণ থাকে;আমাৰ মেৰ-ছাগবোৰে যেন পথাৰৰ মাজত হাজাৰে হাজাৰে, লাখে লাখে পোৱালি জগায়;14আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে;দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়;আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়।15ধন্য সেই জাতি, যাৰ এনে আশীর্বাদপূর্ণ অৱস্থা হয়;ধন্য সেই জাতি, যিহোৱা যাৰ ঈশ্বৰ।