দায়ুদৰ ৰচিত গীত
1হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা,মোৰ কাকুতিলৈ কাণ পাতা;তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া।2তোমাৰ দাসক বিচাৰলৈ নিনিবা;কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়।3শত্ৰুৱে মোক পাছে পাছে খেদি আহিল,তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে,দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।4সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে;মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।5মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও,মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ,তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।6মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ;শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। [চেলা]7হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া,কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে;মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা,মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম।8ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা,কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ;তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা,কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।9হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা;মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ;10তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা,কিয়নো তুমিয়েই মোৰ ঈশ্বৰ;তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।11হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা;তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।12তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা;মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা,কিয়নো মই তোমাৰ দাস।