গুহাত থকাৰ সময়ত দায়ুদৰ ৰচিত মচকীল নামৰ গীত। এটি প্ৰাৰ্থনা।
1মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ,মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ।2মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো,তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালোঁঁ।3মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়,তেতিয়া তুমি মোৰ পথ জানা;মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে;4মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা,মোৰ খবৰ লওঁতা কোনো নাই;মোৰ বাবে আশ্রয় স্থান নাই,মোৰ বাবে কোনেও চিন্তা নকৰে।5হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো,“তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।”6তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া,কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ;মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,কাৰণ তেওঁলোক মোতকৈ শক্তিশালী।7কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা,যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ;ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব;কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা।