প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত
1হে যিহোৱা, দুষ্ট লোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা।2তেওঁলোকে মনে মনে কু-কল্পনা কৰে আৰু প্রতিদিনে যুদ্ধলৈ উত্তেজিত কৰে।3তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে;তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে! [চেলা]4হে যিহোৱা, দুষ্টৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা;মোৰ ভৰি যেন উজুটি খায়, তাৰ বাবে তেওঁলোকে কৌশল ৰচিলে।5অহঙ্কাৰীবোৰে মোলৈ গুপুতে ফান্দ প্রস্তুত কৰিলে;তেওঁলোকে জৰীবোৰ জালৰ দৰে মেলিলে;তেওঁলোকে বাটৰ কাষত মোলৈ ফান্দ পাতিলে। [চেলা]6মই যিহোৱাক কলোঁ, “তুমিয়েই মোৰ ঈশ্বৰ;হে যিহোৱা, মোৰ কাকুতিৰ স্বৰলৈ কাণ পাতা।”7হে যিহোৱা, মোৰ প্ৰভু, মোৰ শক্তিশালী উদ্ধাৰকর্তা;যুদ্ধৰ দিনা তুমিয়েই মোক ৰক্ষা কৰিলা ।8হে যিহোৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা;তেওঁলোকৰ ষড়যন্ত্র সফল হবলৈ নিদিবা। [চেলা]9যি সকলে মূৰ উঠাই মোক বেৰি ধৰিছে,তেওঁলোকৰ ওঁঠে যি সকলো অপকাৰ কৰিলে,সেইবোৰে তেওঁলোকক ঢাকি ধৰক!10তেওঁলোকৰ ওপৰত জলন্ত আঙঠা পৰক!তেওঁলোকক জুইত পেলোৱা হওঁক!তেওঁলোক পুনৰায় উঠিব নোৱাৰাকৈ গভীৰ গাতত পেলোৱা হওঁক!11নিন্দকবোৰক পৃথিৱীত থিৰে থাকিবলৈ নিদিবা;অত্যাচাৰীজনক নিপাত কৰিবলৈ দুষ্ট লোকে চিকাৰ কৰিব!12মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব,অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব।13ধাৰ্মিকসকলে অৱশ্যে তোমাৰ নামৰ ধন্যবাদ কৰিব;ভক্তসকলে তোমাৰ সাক্ষাতে বসতি কৰিব।