গীতমালা139asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

1হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লাআৰু মোক জানিলা।2তুমি মোৰ উঠা আৰু বহাকো জানিছা,দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা।3তুমি মোৰ পথ আৰু শয়ন বিচাৰ কৰি থাকা;মোৰ সকলো পথ তুমি ভালদৰে জানা।4কিয়নো হে যিহোৱা, মোৰ জিভাত কোনো কথা অনাৰ আগেয়েই তুমি সেই সকলো জানা।5আগ-পাছ সকলো ফালে তুমি মোক ঘেৰি ৰাখিছাআৰু মোৰ ওপৰত তোমাৰ হাত ৰাখিছা।6এনে জ্ঞান মোৰ ওচৰত অতি আশ্চর্য;সেয়ে উচ্চ, মোৰ বোধৰ অগম্য;7তোমাৰ আত্মাৰ আগৰ পৰা মই ক’লৈ যাব পাৰোঁ?তোমাৰ সন্মুখৰ পৰা মই ক’লৈ পলাই যাব পাৰিম?8যদি স্বৰ্গত গৈ উঠো, তাতো তুমি;যদি চিয়োলত মোৰ শয্যা পাৰোঁ, চোৱা, তাতো তুমি থাকা।9যদি মই অৰুণৰ ডেউকাত ধৰি সমুদ্ৰৰ দূৰ সীমাত গৈ বসতি কৰোঁ,10তাতো তোমাৰ হাতে মোক চলাব,;তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিব।11যদি মই কওঁ, “আন্ধাৰে মোক ঢাকিবআৰু মোৰ চাৰিওফালে যি পোহৰ আছে, সেয়ে অন্ধকাৰ হৈ যাব;12বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ, আন্ধাৰ হৈ নাথাকে;বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈয়ে উজ্জ্বল হয়;তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়েই সমান।13তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা,তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।14মই তোমাৰ প্ৰশংসা কৰোঁ;কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ;তোমাৰ কাৰ্যবোৰ আচৰিত,তাক মই ভালদৰেই জানো।15যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল,যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ,তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল।16তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে,তোমাৰ পুস্তকত সকলো লিখা আছিল;মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল।17হে ঈশ্বৰ, মোলৈ তোমাৰ পৰিকল্পনাবোৰ কেনে মূল্যৱান! সেইবোৰ লেখত অগণন!18যদি মই সেইবোৰ গণনা কৰিব বিচাৰো,তেতিয়া সেইবোৰ সংখ্যাত বালিতকৈয়ো অধিক হয়;মই যেতিয়া সাৰ পাওঁ, তেতিয়াওঁ মই তোমাৰ কাষতে থাকো।19হে ঈশ্বৰ, তুমি নিশ্চয়ে দুষ্টবোৰক বধ কৰিবা,হে ৰক্তপাতীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হোৱা।20তেওঁলোকে দুষ্ট ভাৱনাৰে তোমাৰ বিৰুদ্ধে কথা কয়,তোমাৰ শত্ৰুবোৰে তোমাৰ বিৰুদ্ধে বৃথাই উঠে।21হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে,মই জানো তেওঁলোকক ঘিণ নকৰোঁ?যিসকল তোমাৰ বিৰুদ্ধে উঠে,মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ?22মই তেওঁলোকক সম্পূর্ণকৈ ঘৃণা কৰোঁ; তেওঁলোকক মোৰ শত্রু বুলি ভাৱো।23হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা;মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা;24মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা,আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা।