দায়ুদৰ ৰচিত গীত
1হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম;দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।2তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম;তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম;কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান ।3মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা;তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা।4হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব;কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে।5তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব;কিয়নো যিহোৱাৰ গৌৰৱ মহান।6কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে;কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।7যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ,তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা ;তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।8যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব;হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী।তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।