যাত্ৰাৰ সঙ্গীত
1হে যিহোৱাৰ দাসবোৰ,তোমালোকৰ যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা,তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।2তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।3যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।