দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত
1হে যিহোৱা, মোৰ মন গর্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়,নিজৰ কাৰণে মোৰ কোনো মহান আশা নাই,নাইবা মোৰ পক্ষে অসম্ভৱ আশ্চর্য বিষয়বোৰ লৈয়ো মই চিন্তিত নহও।2কিন্তু মই মোৰ প্রাণক সুস্থিৰ আৰু শান্ত কৰি ৰাখিলোঁ,যেনেকৈ পিয়াহ এৰা শিশুটি মাকৰ ওচৰত শান্ত হৈ থাকে;মোৰ ভিতৰত থকা প্রাণটো পিয়াহ এৰা শিশুটিৰ দৰে মোৰ লগতে আছে।3হে ইস্ৰায়েল, যিহোৱাত আশা ৰাখা,এতিয়াৰ পৰা অনন্ত কাললৈকে।