গীতমালা13asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, আৰু কিমান কাল?তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি?মোৰ পৰা কিমান দিনলৈতুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা?2কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব?কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা?3হে মোৰ ঈশ্বৰ যিহোৱা,মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া!মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।4মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;”মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।5কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ;তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব।6মই যিহোৱাৰ উদেশ্যে গান গাম,কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।