যাত্ৰাৰ সঙ্গীত
1ইস্ৰায়েলে কওঁক,“যৌৱন কালৰ পৰাই তেওঁলোকে মোক অনেক আক্রমণ কৰিলে।”2“যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে;তথাপি মোক জিনিব পৰা নাই।3হালোৱাই মোৰ পিঠিত হাল বালে;তেওঁলোকে দীঘলকৈ সীৰলু কাটিলে।”4যিহোৱা ধাৰ্মিক; তেওঁ মোক দুষ্টলোকৰ দাসত্বৰ পৰা মুক্ত কৰিলে ।5যিসকলে চিয়োনক ঘিণ কৰে,তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক।6তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক,যি নৌ বাঢ়োতেই শুকাই যায়;7যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়,যেয়ে তাক ডাঙৰি বান্ধিব বিচাৰে, তাৰে তেওঁৰ ভড়াল পূর্ণ নহয়।8বাটৰুৱাবোৰে সেই ফালেদি গ’লে তেওঁলোকক এনেদৰে নকয়,“তোমালোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থাকক!যিহোৱাৰ নামেৰে আমি তোমালোকক আশীৰ্ব্বাদ দিছোঁ।”