যাত্ৰাৰ সঙ্গীত
1ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;2তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা,তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব।3তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব;তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তান সকল জিত গছৰ পুলিৰ নিচিনা হ’ব।4এইদৰে যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।5যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব;তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।6এনে কি, তুমি তোমাৰ সন্তানৰ বংশকো দেখা পাবা।ইস্ৰায়েলৰ ওপৰত শান্তি হওক।