যাত্ৰাৰ সঙ্গীত।
1যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে,তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।2যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে,তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে;এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।3ঈশ্বৰভক্ত সকলে যাতে অধৰ্ম কার্যলৈ হাত নেমেলে,সেই বাবে ধাৰ্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব।4হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা;যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা।5কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়,যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব।ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।