গীতমালা124asm_irv

দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত।

1ইস্ৰায়েলে ইয়াকে কওঁক, “যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,2শত্রুবোৰে যেতিয়া আমাক আক্রমণ কৰিছিল,তেতিয়া যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,3তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন,4তেতিয়া জল সমূহে আমাক উটুৱাই লৈ গ’লহেতেঁন, আমাৰ ওপৰেদি জলৰ সোঁত বৈ গ’লহেতেঁন;5ওফন্দি উঠা জল সমূহ আমাৰ ওপৰেদি বৈ গ’লহেতেঁন।6ধন্য যিহোৱা,যি জনাই আমাক চিকাৰ স্বৰূপেতেওঁলোকৰ দাঁতত পেলাই নিদিলে।7আমাৰ প্রাণ ব্যাধৰ ফান্দৰ পৰা ৰক্ষা পোৱা পক্ষীৰ নিচিনাকৈ ৰক্ষা পৰিল;ফান্দ ছিঙি গ’ল আৰু আমি ৰক্ষা পালোঁ।8যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে,সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।