দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত।
1মই আনন্দিত হ’লো, যেতিয়া লোকসকলে মোক ক’লে,“ব’লা, আমি যিহোৱাৰ গৃহলৈ যাওঁ।”2হে যিৰূচালেম, আমি তোমাৰ দুৱাৰবোৰৰ ভিতৰত ভৰি থৈ থিয় হৈ আছোঁ।3সেই যিৰূচালেমক একেলগে সুদৃঢ়ভাৱে সংযুক্ত কৰা এটি নগৰ হিচাবে গঢ়ি তোলা হৈছে।4সকলো ফৈদ সেই ঠাইলৈ উঠি যায়,তেওঁলোক যিহোৱাৰ লোকসকলৰ ফৈদ;তেওঁলোকে ইস্ৰায়েল জাতিৰ বাবে দিয়া আজ্ঞা অনুসাৰে যিহোৱাৰ নামৰ ধন্যবাদ কৰিবলৈ উঠি যায়।5কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে,দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে।6তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা;“যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক।7তোমালোকৰ প্রাচীৰবোৰৰ ভিতৰত শান্তি হওঁক,আৰু তোমালোকৰ উচ্চ অট্টালিকাবোৰ নিৰাপদে থাকক।”8মোৰ কুটুম্ব আৰু বন্ধুসকলৰ অর্থে মই ক’ম, “যিৰূচালেমৰ মাজত শান্তি থাকক।”9আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ সেই ঠাইত আছে বাবেই মই তোমাৰ মঙ্গল বিচাৰি প্ৰার্থনা কৰিম।