যাত্ৰাৰ সঙ্গীত।
1মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ,ক’ৰ পৰা মোৰ সহায় আহিব?2যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।3তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব;তোমাৰ ৰখীয়াজনা টোপনি নাযাব।4চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে,তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।5যিহোৱা তোমাৰ ৰক্ষক;যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।6দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।7যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব;তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।8যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।