প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত।
1হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল;বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।2মানুহে মানুহৰ ওচৰত মিছা কথা কয়;তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।3তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;4সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম;আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই,কোন আমাৰ ওপৰত প্ৰভু হ’ব?”5যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণেমই এতিয়া জাগি উঠিম।নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”6যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ।সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ;সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।7হে যিহোৱা, তুমিয়েই আমাক নিৰাপদে ৰাখিবা।এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক ৰক্ষা কৰিবা।8লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়,দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে।