আলেফ
1ধন্য সেইসকল, যিসকলৰ আচাৰ-ব্যৱহাৰ সিদ্ধ;যিসকলে যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলে।2ধন্য সেইসকল, যিসকলে তেওঁৰ আজ্ঞাবোৰ পালন কৰে;যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে।3তেওঁলোকে অন্যায় নকৰে,যিহোৱাৰ পথত চলে।4তোমাৰ আদেশবোৰ যত্নেৰে পালন কৰিবলৈ তুমি আমাক আজ্ঞা কৰিলা।5ওহ, মোৰ পথবোৰ সুস্থিৰ হওঁক;মই যেন তোমাৰ বিধিবোৰ পালন কৰিব পাৰোঁ!6যেতিয়া তোমাৰ সকলো আজ্ঞাৰ প্রতি মই দৃষ্টি ৰাখি চলিম,তেতিয়া মই লজ্জিত নহ’ম।7তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালীবোৰ যেতিয়া মই শিকোঁ,তেতিয়া মই শুদ্ধ মনেৰে তোমাৰ ধন্যবাদ কৰিম।8মই তোমাৰ বিধিবোৰ পালন কৰিম;মোক নিচেইকৈ পৰিত্যাগ নকৰিবা।বেইৎ
9যুবকে কেনেকৈ নিজৰ পথ শুদ্ধভাৱে ৰাখিব পাৰে?তোমাৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে।10মই সমস্ত মনেৰে তোমাক বিচাৰিছোঁ;তুমি মোক তোমাৰ আজ্ঞা-পথৰ পৰা ভ্ৰান্ত হৈ যাব নিদিবা।11তোমাৰ বাক্য মই মোৰ হৃদয়ত সঞ্চয় কৰি ৰাখিছো,যেন তোমাৰ অহিতে পাপ নকৰোঁ।12ধন্য তুমি, হে যিহোৱা;মোক তোমাৰ বিধিবোৰ শিকোৱা।13তোমাৰ মুখৰ সকলো ধার্মিক শাসন প্ৰণালী,মই নিজ ওঁঠেৰে বর্ণনা কৰিলোঁ;14ধন-সম্পদত লোকে যিমান আনন্দ পায়,তোমাৰ আজ্ঞাৰ পথত চলি মই তাতোকৈ অধিক আনন্দ পাওঁ।15মই তোমাৰ আদেশবোৰ ধ্যান কৰিম,তোমাৰ সকলো পথলৈ মনোযোগ দিম।16মই তোমাৰ বিধিবোৰত আনন্দিত হ’ম;মই তোমাৰ বাক্য নাপাহৰিম।গীমেল
17তোমাৰ দাসলৈ প্রচুৰ মঙ্গল কৰা যাতে মই জীয়াই থাকো,আৰু তোমাৰ বাক্য পালন কৰিব পাৰোঁ।18মোৰ চকু মুকলি কৰি দিয়া, যাতে মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয়বোৰ দেখা পাওঁ।19মই পৃথিৱীত প্রবাসী মাথোন,তোমাৰ আজ্ঞাবোৰ মোৰ পৰা লুকুৱাই নাৰাখিবা।20সকলো সময়তে তোমাৰ শাসন-প্রণালীবোৰ জানিবলৈ,মোৰ প্রাণ আকাঙ্ক্ষাত ভগ্ন হৈছে।21তুমি অহঙ্কাৰীবোৰক ধমক দিছা;তেওঁলোকতো শাপগ্ৰস্ত,তোমাৰ আজ্ঞা পথৰ পৰা ভ্ৰান্ত হৈ ঘূৰি ফুৰে।22তেওঁলোকৰ অপমান আৰু নিন্দা মোৰ পৰা দূৰ কৰা;কিয়নো মই তোমাৰ আজ্ঞাবোৰ পালন কৰি আহিছোঁ।23যদি শাসনকর্তাসকলেও বহি মোৰ অহিতে কথা কয়,তথাপিও তোমাৰ দাসে তোমাৰ বিধিবোৰ ধ্যান কৰিব।24তোমাৰ আজ্ঞাবোৰ মোৰ আনন্দৰ বিষয়,সেইবোৰে মোক পৰামৰ্শ দিয়ে।দালেৎ
25মোৰ প্রাণ ধুলিত সংলগ্ন;তোমাৰ বাক্য অনুসাৰে মোক সঞ্জীৱিত কৰা।26মোৰ জীৱনৰ পথৰ কথা মই তোমাক জনালোঁ,আৰু তুমি মোক উত্তৰ দিলা।মোক তোমাৰ বিধিবোৰ শিকোঁৱা।27তোমাৰ আজ্ঞাৰ পথবোৰ মোক বুজাই দিয়া;তাতে মই তোমাৰ আচৰিত কাৰ্যবোৰ ধ্যান কৰিম।28দুখত মোৰ প্রাণ দ্ৰৱীভূত হৈছে;তোমাৰ বাক্য অনুসাৰে মোক সবল কৰা।29মোৰ পৰা মিছা কথাৰ পথ দূৰ কৰা;দয়া কৰি তোমাৰ ব্যৱস্থাৰ শিক্ষা মোক দান কৰা।30মই বিশ্বস্ততাৰ পথ মনোনীত কৰিলোঁ;মই তোমাৰ শাসন-প্ৰণালীবোৰ মোৰ সন্মুখত ৰাখিলোঁ।31হে যিহোৱা, মই তোমাৰ আজ্ঞাবোৰত আসক্ত হৈছোঁ;তুমি মোক লজ্জিত হ’বলৈ নিদিবা।32তোমাৰ আজ্ঞাবোৰৰ পথত মই লৰি যাম,কাৰণ তুমি মোৰ হৃদয় মেলি দিলা।হেই
33হে যিহোৱা, তোমাৰ বিধিবোৰৰ পথৰ সম্বন্ধে মোক শিকোৱা;তাতে মই শেষলৈকে তাক পালন কৰিম।34তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰোঁ,সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰোঁ।35তোমাৰ আজ্ঞা- পথত মোক চলোৱা;কিয়নো তাতেই মই সন্তোষ পাওঁ।36তোমাৰ আজ্ঞাবোৰলৈ মোৰ হৃদয় আসক্ত কৰি ৰাখা,স্বার্থপৰ লোভলৈ আকর্ষিত নকৰিবা।37অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা;তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা।38তোমাৰ এই দাসৰ প্রতি তোমাৰ প্রতিজ্ঞা পূর্ণ কৰা;যি প্রতিজ্ঞা তোমালৈ ভয়কাৰী লোকৰ বাবে তুমি স্থিৰ কৰিলা।39মোৰ দূর্নাম তুমি দূৰ কৰা, যিহক মই ভয় কৰোঁ;কিয়নো তোমাৰ শাসন-প্ৰণালীবোৰ মঙ্গলময়।40চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাংক্ষা কৰি আছোঁ;তোমাৰ ধাৰ্মিকতাৰে মোক সঞ্জীৱিত কৰা।বাৱ
41হে যিহোৱা, তুমি মোক তোমাৰ সুস্থিৰ প্রেমৰ ভাগী হবলৈ দিয়া;তোমাৰ প্রতিজ্ঞা অনুসাৰে তোমাৰ পৰিত্ৰাণৰ ভাগী কৰা।42তেতিয়া মোক নিন্দা কৰা সকলক মই উত্তৰ দিব পাৰিম;কিয়নো মই তোমাৰ বাক্যত ভাৰসা কৰোঁ।43তোমাৰ সত্যৰ বাক্য মোৰ মুখৰ পৰা কাঢ়ি নলবা;কিয়নো তোমাৰ শাসন-প্ৰণালীৰ ওপৰত মোৰ আশা আছে।44যুগে যুগে অনন্তকাল মই তোমাৰ ব্যৱস্থা মানি চলিম।45মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম;কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলোঁ।46তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম;মই লজ্জিত নহ’ম।47তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ;কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।48তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ,কাৰণ মই সেইবোৰ ভাল পাওঁ;মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।জয়িন
49তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা;তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা।50দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়;তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।51অহঙ্কাৰীবোৰে মোক অতিশয় ঠাট্টা-বিদ্রূপ কৰে;তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই।52হে যিহোৱা, মই তোমাৰ পূৰ্বকালৰ শাসন প্ৰণালীবোৰ সোঁৱৰণ কৰোঁ, আৰু মই নিজে শান্ত্বনা লভো।53দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্রোধ প্রজ্বলিত হয়,কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে।54মোৰ এই অস্থায়ী ঘৰত তোমাৰ বিধিবোৰ মোৰ গানৰ বিষয় হৈছে।55হে যিহোৱা, মই ৰাতি তোমাৰ নাম সোঁৱৰণ কৰোঁ,আৰু তোমাৰ ব্যৱস্থা মানি চলোঁ।56এয়ে মোৰ অভ্যাস যে মই তোমাৰ আজ্ঞাবোৰ পালন কৰি চলোঁ।হেৎ
57যিহোৱা মোৰ অধিকাৰৰ অংশ;মই তোমাৰ বাক্য মতে চলিবলৈ প্রতিজ্ঞা কৰিলোঁ।58মই মোৰ সমস্ত চিত্তেৰে তোমাৰ অনুগ্ৰহ বিচাৰিছোঁ; তোমাৰ বাক্য অনুসাৰে তুমি মোলৈ কৃপা কৰা।59মই মোৰ পথবোৰৰ বিষয়ে চিন্তা কৰিলোঁ,আৰু মই তোমাৰ আজ্ঞাবোৰলৈ মোৰ ভৰি ঘূৰালোঁ।60মই শীঘ্রেই তুমি দিয়া আজ্ঞাবোৰ পালন কৰিলোঁ, পলম নকৰিলোঁ।61যদিও দুষ্টবোৰৰ জৰীত মই বান্ধ খাই আছোঁ,তথাপিও মই তোমাৰ ব্যৱস্থা পাহৰি নাযাওঁ।62তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই মাজনিশা তোমাৰ স্তৱ কৰিবলৈ উঠো।63যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী।64হে যিহোৱা, পৃথিৱী তোমাৰ দয়াৰে পৰিপূৰ্ণ;মোক তোমাৰ বিধিবোৰ শিকোৱা।টেইট
65তুমি তোমাৰ দাসলৈ মঙ্গল ব্যৱহাৰ কৰিলা;হে যিহোৱা, তোমাৰ বাক্য অনুসাৰে কৰিলা।66তুমি মোক ভাল বিচাৰ-বুদ্ধি আৰু জ্ঞান শিকোৱা;কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ।67কষ্ট পোৱাৰ আগেয়ে মই বিপথে গৈছিলোঁ, কিন্তু এতিয়া হ’লে, মই তোমাৰ বাক্য পালন কৰিছোঁ।68তুমি মঙ্গলময় আৰু মঙ্গলৰ কার্য কৰা;মোক তোমাৰ বিধিবোৰ শিকোৱা।69অহঙ্কাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে;কিন্তু মই হ’লে সমস্ত চিত্তেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ।70তেওঁলোকৰ হৃদয়ত সত্যতা নাই ;কিন্তু মই হ’লে তোমাৰ ব্যৱস্থাত হৰ্ষিত হওঁ।71মই যি কষ্ট পাইছো, সেয়ে মোৰ পক্ষে শুভজনক,তাতে মই তোমাৰ বিধিবোৰ শিকিব পাৰিছোঁ।72তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো বহুমূল্য।ইয়োদ
73তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে;তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা।74তোমাক ভয় কৰাসকলে মোক দেখি আনন্দিত হ’ব;কিয়নো মই তোমাৰ বাক্যত আশা কৰিলোঁ।75হে যিহোৱা, মই জানো যে, তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ,তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা।76তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা,সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক।77মোলৈ তোমাৰ কৃপা নামি আহঁক,যাতে মই জীয়াই থাকিব পাৰোঁ;কিয়নো তোমাৰ ব্যৱস্থাই মোক আনন্দ দিয়ে।78অহংকাৰী লোকে লাজ পাওক, কিয়নো তেওঁলোকে মিছা কথা কৈ মোৰ সর্বনাশ কৰিলে;কিন্তু হ’লে মই তোমাৰ আদেশবোৰ ধ্যান কৰিম;79যিসকলে তোমাক ভয় কৰে, তেওঁলোক মোলৈ ঘূৰক,যাতে তেওঁলোকে তোমাৰ আজ্ঞাবোৰ জানিব।80মোৰ অন্তঃকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ’ম।কফ
81তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশঃ অৱশ হৈ গৈছে;মই তোমাৰ বাক্যত আশা কৰিছোঁ।82তোমাৰ বাক্যৰ প্রতিজ্ঞা পূর্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে;মই সুধিলো, “কেতিয়া তুমি মোক সান্ত্বনা দিবা?”83কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লো;তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই।84তোমাৰ দাসে কিমান কাল সহন কৰি থাকিব?মোক তাড়না কৰা সকলৰ বিচাৰ তুমি কেতিয়া কৰিবা?85অহঙ্কাৰীবোৰে মোৰ বাবে গাত খান্দিছে;তেওঁলোক তোমাৰ ব্যৱস্থাৰ অনুগামী নহয়।86তোমাৰ সকলো আজ্ঞা বিশ্বাসযোগ্য;লোকসকলে অকাৰণতে মোক তাড়না কৰে;তুমি মোক সহায় কৰা।87তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিঃশেষ কৰি পেলালে;কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই।88তোমাৰ গভীৰ প্রেমত তুমি মোক সঞ্জীৱিত কৰা ,তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম।লামেদ
89যিহোৱা অনন্ত কাললৈকে বিদ্যমান;তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে।90পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী;তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।91তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে;কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস।92তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন,তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লহেঁতেন।93মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম;কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা।94মই তোমাৰেই, মোক ৰক্ষা কৰা;কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলোঁ।95দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে;কিন্তু মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ।96মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ; কিন্তু তোমাৰ আজ্ঞা অসীম।মেইম
97ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ!সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়।98তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে;কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।99মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান;কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়।100মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ;কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ।101মই সকলো কু-পথৰ পৰা মোৰ ভৰি আঁতৰাই ৰাখিলোঁ,যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰোঁ।102মই তোমাৰ ধার্মিক শাসন-প্রণালীবোৰৰ পৰা আঁতৰি যোৱা নাই;কিয়নো তুমি নিজেই মোক শিক্ষা দিলা।103তোমাৰ বাক্যবোৰ মোৰ জিভাত কেনে মিঠা লাগে!সেয়ে মোৰ মুখত মৌৰ কোঁহতকৈয়ো মিঠা লাগে।104তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰোঁ;সেই বাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ।নুন
105তোমাৰ বাক্য মোৰ ভৰিৰ কাৰণে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ।106তোমাৰ ধাৰ্মিকতাযুক্ত শাসনপ্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ,আৰু স্থিৰ কৰিলোঁ।107হে যিহোৱা, মই অতিশয় দুখ পাইছোঁ;তোমাৰ বাক্য অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।108হে যিহোৱা, মোৰ মুখে কৰা প্রশংসা-স্তুতিৰ উৎসর্গ তুমি গ্রহণ কৰা,আৰু তোমাৰ শাসন-প্ৰণালীবোৰ মোক শিকোৱা।109মই মোৰ প্ৰাণ সদায় হাতত লৈ ফুৰিছোঁ;তথাপি মই তোমাৰ ব্যৱস্থা পাহৰা নাই।110দুষ্টবোৰে মোলৈ ফান্দ পাতিলে; তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই।111তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য;সেইবোৰ মোৰ মনৰ আনন্দজনক।112চিৰকাললৈকে তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ।চামেক
113দুই মনৰ লোকক মই ঘিণ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ।114তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ।115হে কু-কার্য কৰা লোক, মোৰ ওচৰৰ পৰা দূৰ হোৱা; মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম।116তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম;মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা।117মোক ধৰি ৰাখা, তাতে মই ৰক্ষা পাম আৰু সদায় তোমাৰ বিধিবোৰক মান্য কৰিম।118তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱা সকলক তুমি অগ্রাহ্য কৰা;কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ।119পৃথিৱীৰ সকলো দুষ্টক তুমি ময়লাৰ দৰে গণ্য কৰি দূৰ কৰা;এই কাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।120তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে;তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ।অয়িন
121মই ন্যায় বিচাৰ আৰু সৎ কার্য কৰিলোঁ; মোক উপদ্ৰৱকাৰীবোৰৰ হাতত এৰি নিদিবা।122তুমি তোমাৰ এই দাসৰ মঙ্গলৰ দায়িত্ব লোৱা;অহঙ্কাৰীবোৰক মোৰ ওপৰত উপদ্ৰৱ কৰিবলৈ নিদিবা।123তোমাৰ ধাৰ্মিকযুক্ত প্রতিজ্ঞা পূর্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুর্বল হৈ গৈছে।124তোমাৰ গভীৰ প্রেম অনুসাৰে তোমাৰ দাসলৈ ব্যৱহাৰ কৰা;তোমাৰ বিধিবোৰ মোক শিকোঁৱা।125মই তোমাৰ দাস; মোক বোধশক্তি দিয়া,যেন তোমাৰ আজ্ঞাবোৰ বুজিব পাৰোঁ।126হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য কৰাৰ সময় হৈছে,কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে।127মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ;সেইবোৰক সোণতকৈ, শুদ্ধ সোণতকৈয়ো ভাল পাওঁ।128এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ।পেই
129তোমাৰ আজ্ঞাবোৰ আচৰিত;সেই বাবেই মোৰ প্রাণে সেইবোৰ পালন কৰে।130তোমাৰ বাক্য প্ৰকাশিত হ’লে দীপ্তি দিয়ে;সৰল মনৰ লোকক বুজন শক্তি দান কৰে।131মই মুখ মেলি ফোপাইছিলো;কিয়নো মই তোমাৰ আজ্ঞাৰ বাবে অতিশয় হাবিয়াহ কৰিলোঁ।132তোমাৰ নাম ভাল পোৱা সকলৰ প্রতি তুমি যেনে ৰীতি কৰা,তেনেদৰে মোলৈও ঘূৰি মোৰ প্রতি কৃপা কৰা।133তোমাৰ প্রতিজ্ঞা অনুসাৰে মোৰ খোজ সুস্থিৰ কৰি ৰাখা আৰু কোনো অধৰ্মক মোৰ ওপৰত অধিকাৰ কৰিবলৈ নিদিবা।134মানুহৰ উপদ্ৰৱৰ পৰা মোক মুক্ত কৰা,তাতে মই তোমাৰ আদেশবোৰ পালন কৰিম।135তোমাৰ দাসৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা;তোমাৰ বিধিবোৰ মোক শিকোৱা।136মোৰ চকুৰ পৰা চকুলোৰ নদী বৈ গৈছে;কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা পালন নকৰে।চাধেই
137হে যিহোৱা, তুমি ধাৰ্মিক, আৰু তোমাৰ ন্যায় বিচাৰ যথাৰ্থ।138তুমি সকলো বিশ্বস্ততা আৰু ধাৰ্মিকতাত তোমাৰ আজ্ঞাবোৰৰ আদেশ দিলা।139তোমাৰ উৎসাহে মোক গ্ৰাস কৰিছে;কাৰণ মোৰ শত্ৰুবোৰে তোমাৰ বাক্যবোৰ পাহৰিলে।140তোমাৰ প্রতিজ্ঞা উত্তম বুলি প্রমাণিত হৈছে;সেয়ে তোমাৰ দাসে তাক ভাল পায়।141যদিও মই সামান্য আৰু তুচ্ছ, তথাপিও মই তোমাৰ আদেশবোৰ পাহৰা নাই।142তোমাৰ ধাৰ্মিকতা চিৰস্থায়ী ধাৰ্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য।143সঙ্কট আৰু দুর্দশা মোৰ ওপৰত আহিল;তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ।144তোমাৰ আজ্ঞাবোৰ অনন্ত কাললৈকে ধাৰ্মিক;মোক বুজা শক্তি দিয়া, তাতে মই জীয়াই থাকিম।কোফ
145মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, হে যিহোৱা, মোক উত্তৰ দিয়া;মই তোমাৰ বিধিবোৰ পালন কৰিম।146মই তোমাকেই মাতিছো, মোক উদ্ধাৰ কৰা;মই তোমাৰ সকলো আজ্ঞা মানি চলিম।147মই প্রভাতৰ আগেয়েই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ;তোমাৰ বাক্যবোৰত আশা কৰিলোঁ।148ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়,যেন তোমাৰ প্রতিজ্ঞাৰ ধ্যান কৰিব পাৰোঁ।149তোমাৰ গভীৰ প্রেম অনুসাৰে মোৰ স্বৰ শুনা;হে যিহোৱা, তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।150কু-কার্য কৰি মোক তাড়না কৰাসকল ওচৰ চাপি আহিছে;তেওঁলোক তোমাৰ ব্যৱস্থাৰ পৰা দূৰৈত থাকে।151কিন্তু হে যিহোৱা, তুমি ওচৰ আৰু তোমাৰ সকলো আজ্ঞা সত্য;152বহুত দিনৰ আগেয়ে মই তোমাৰ আজ্ঞাবোৰৰ পৰা জানিছোঁ যে,তুমি সেইবোৰ চিৰকালৰ কাৰণে স্থাপন কৰিলা।ৰেচ
153তুমি মোৰ দুখলৈ দৃষ্টি কৰা আৰু মোক উদ্ধাৰ কৰা;কিয়নো মই তোমাৰ ব্যৱস্থা নাপাহৰো।154মোৰ পক্ষে বিবাদ নিষ্পত্তি কৰা আৰু মোক মুক্ত কৰা;তোমাৰ বাক্যত কৰা প্রতিজ্ঞা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা;155দুষ্টবোৰৰ পৰা পৰিত্ৰাণ দূৰৈত থাকে;কিয়নো তেওঁলোকে তোমাৰ বিধিবোৰ নিবিচাৰে।156হে যিহোৱা, তোমাৰ কৰুণা অনেক বেচি;তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।157মোৰ তাড়নাকাৰী আৰু শত্ৰু অনেক; কিন্তু মই তোমাৰ আজ্ঞাবোৰৰ পৰা আঁতৰি যোৱা নাই।158মই বিশ্বাস ঘাতকবোৰক দেখি ঘিণ কৰোঁ; কাৰণ তেওঁলোকে তোমাৰ বাক্য পালন নকৰে।159চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ!হে যিহোৱা, তোমাৰ সুস্থিৰ প্রেম অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।160তোমাৰ সমস্ত বাক্য সত্য; তোমাৰ প্ৰত্যেকটো ধার্মিক শাসন-প্ৰণালী চিৰকাল স্থায়ী।চীন
161অধিকাৰীসকলে মোক অকাৰণে তাড়না কৰে;কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে।162মই এনেকৈ তোমাৰ বাক্যত আনন্দ কৰোঁ,যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে।163মই মিছাক ঘিণাওঁ আৰু তুচ্ছ কৰোঁ;কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ।164তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই দিনে সাতবাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ।165যিসকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়;একোতেই তেওঁলোক উজুটি নাখায়।166হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আশাৰে আছোঁ;মই তোমাৰ আজ্ঞাবোৰ পালন কৰিলোঁ।167মোৰ প্রাণে তোমাৰ আজ্ঞাবোৰ পালন কৰিলে;মই সেইবোৰক অতি প্ৰেম কৰোঁ।168মই তোমাৰ আদেশ আৰু আজ্ঞাবোৰ পালন কৰিলোঁ;কিয়নো মোৰ সকলো পথ তোমাৰ সন্মুখতে আছে।তাৱ
169হে যিহোৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক;তোমাৰ বাক্য অনুসাৰে মোক বোধ-শক্তি দান কৰা।170মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক;তোমাৰ প্রতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা।171মোৰ ওঁঠত তোমাৰ প্ৰশংসা উপচি পৰক;কিয়নো তুমি মোক তোমাৰ বিধিবোৰ শিকাইছা।172মোৰ জিভাই তোমাৰ প্রতিজ্ঞাৰ গীত গাওঁক;কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূর্ণ।173তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক;কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ।174হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আকাংক্ষা কৰিছোঁ;তোমাৰ ব্যৱস্থা মোৰ আনন্দৰ বিষয়175মোক জীয়াই থাকিবলৈ দিয়া যাতে মই তোমাৰ প্রশংসা কৰিব পাৰোঁ;তোমাৰ শাসন-প্রণালীবোৰে মোক সহায় কৰক।176হেৰোৱা মেৰ-ছাগৰ দৰে মই ভ্ৰান্ত হলোঁ;তোমাৰ দাসক তুমি বিচাৰি লোৱা; কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই।