গীতমালা117asm_irv

1হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা;হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা।2কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম,যিহোৱাৰ বিশ্ৱস্ততা অনন্তকাল স্থায়ী।তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।