গীতমালা116asm_irv
1মই যিহোৱাক প্ৰেম কৰোঁ, কিয়নো তেওঁ মোৰ স্বৰ আৰু কাকুতি শুনিলে।2তেওঁ মোৰ কথালৈ কাণ পাতিলে,সেয়ে মই জীয়াই থকা দিনলৈকে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম।3মই মৃত্যুৰ জৰীত বান্ধ খাই পৰিছিলোঁ,চিয়োলৰ যাতনাৰ সন্মুখীন হৈছিলো,মই দুখ-কষ্ট পাইছিলো;4তেতিয়া মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ,“হে যিহোৱা, মই মিনতি কৰিছোঁ, তুমি মোৰ প্ৰাণ ৰক্ষা কৰা!”5যিহোৱা দয়াময় আৰু ধাৰ্মিক;বাস্তৱিক আমাৰ ঈশ্বৰ স্নেহময়।6যিহোৱাই অমায়িক লোকক ৰক্ষা কৰে;মই অসহায় হোৱাত তেওঁ মোক উদ্ধাৰ কৰিলে।7হে মোৰ প্রাণ, তোমাৰ বিশ্ৰাম-স্থানলৈ উভটি যোৱা,কিয়নো যিহোৱাই তোমাক প্ৰচুৰ মঙ্গল কৰিলে।8কাৰণ তুমিয়েই মৃত্যুৰ পৰা প্ৰাণ,চকুলোৰ পৰা মোৰ চকু,উজুটি খোৱাৰ পৰা মোৰ ভৰি ৰক্ষা কৰিলা।9মই জীৱিতসকলৰ দেশত যিহোৱাৰ সাক্ষাতে অহা-যোৱা কৰিম।10যেতিয়া মই কৈছিলোঁ, “মই অতিশয় উৎপীড়িত হৈছোঁ”তেতিয়াও যিহোৱাত মই বিশ্বাসত আছিলোঁ।11মই উদ্বেগ কৰি কৈছিলোঁ, “সকলো মানুহ মিছলীয়া।”12যিহোৱাই মোলৈ কৰা সকলো মঙ্গলৰ পৰিবর্তেমই তেওঁক কি দিম?13মই পৰিত্ৰাণৰ পানপাত্ৰ তুলি ধৰিম,আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম ;14মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম;তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।15যিহোৱাৰ দৃষ্টিত তেওঁৰ বিশ্বাসীসকলৰ মৃত্যু বহুমূল্য।16হে যিহোৱা, সচাঁকৈয়ে মই তোমাৰ দাস হওঁ;মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ;তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা।17মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম;মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।18মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম;তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।19হে যিৰূচালেম, তোমাৰেই মাজত,যিহোৱাৰ গৃহৰ চোতাল কেইখনত, মই সেই সকলো পূর্ণ কৰিম।তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!