গীতমালা115asm_irv
1হে যিহোৱা, আমাক নহয়, আমাক নহয়,কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা;তোমাৰ অসীম প্রেম আৰু বিশ্ৱস্ততাৰ অর্থেই কৰা।2আন জাতিবোৰে কিয় ক’ব,“ক’ত আছে তেওঁলোকৰ ঈশ্বৰ?”3আমাৰ ঈশ্বৰ হ’লে স্বৰ্গত আছে;তেওঁ যিহকে ইচ্ছা কৰে, তাকে কৰে।4তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ,মনুষ্যৰ হাতৰ কাৰ্য।5সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে;চকু আছে, কিন্তু নেদেখে;6কাণ আছে, কিন্তু নুশুনে;নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে;7হাত আছে, কিন্তু চুব নোৱাৰে;ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে;কন্ঠই একো মাত উলিয়াব নোৱাৰে।8যিসকলে সেইবোৰক নিৰ্ম্মাণ কৰে আৰু সেইবোৰত নির্ভৰ কৰে,তেওঁলোক সেইবোৰৰ নিচিনাই।9হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা!তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।10হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা;তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।11হে যিহোৱাৰ ভয়কাৰী লোক, যিহোৱাত ভাৰসা কৰা;তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।12যিহোৱাই আমাক সোঁৱৰণ কৰিলে,সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব;ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব;হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব;13যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব,সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব।14যিহোৱাই তোমালোকক বৃদ্ধি কৰক;তোমালোকক আৰু তোমালোকৰ সন্তান সকলক বৃদ্ধি কৰক।15যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা,তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।16স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ;কিন্তু পৃথিৱীখন হ’লে তেওঁ মনুষ্যক দিলে।17মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে;যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়,তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে।18কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম,এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম।তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।