গীতমালা114asm_irv
1ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল,যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,2তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান,ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য।3সমুদ্ৰই তাকে দেখি পলায়ন কৰিলে;যৰ্দ্দন নদী উজাই গ’ল।4পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ,পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।5হে সমুদ্ৰ, তোমাৰ কি হ’ল?কিয় তুমি পলাই গ’লা?হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা?6হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা?হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?7হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা,যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।8তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে,চক্মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।