গীতমালা112asm_irv

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।2তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব;ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।3তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে;তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।4ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়;তেওঁলোক কৃপাময়, স্নেহশীল আৰু ধাৰ্মিক।5যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়;তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।6কাৰণ ধার্মিক লোক কেতিয়াও লৰচৰ নহ’ব;ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।7দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব;তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে;তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।8তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে;শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব।9তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে;তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে;তেওঁলোকৰ শিং মৰ্য্যদাৰে উন্নত হয়।10দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব;দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।