গীতমালা111asm_irv

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!মই সমস্ত মনেৰে যিহোৱাৰ ধন্যবাদ কৰিম;ধাৰ্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম।2যিহোৱাৰ কাৰ্যবোৰ মহৎ;যিসকল তাত আনন্দিত হয়, তেওঁলোকে সেইবোৰ ধ্যান কৰে।3তেওঁৰ কাৰ্য গৌৰৱ আৰু মহিমাৰে পৰিপূর্ণ;তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।4তেওঁ নিজৰ আচৰিত কাৰ্যবোৰ স্মৰণীয় কৰিলে;যিহোৱা কৃপাময় আৰু দয়ালু।5তেওঁৰ ভক্তসকলক তেওঁ আহাৰ যোগায়;নিজে স্থাপন কৰা নিয়মটি তেওঁ চিৰকাললৈকে সোঁৱৰণ কৰিব।6অন্যান্য জাতিবোৰৰ আধিপত্য নিজৰ লোকসকলক দিতেওঁ নিজৰ কাৰ্যৰ শক্তি তেওঁলোকক দেখুৱালে।7তেওঁৰ হাতৰ কাৰ্যবোৰ বিশ্বস্ত আৰু ন্যায়পূর্ণ;তেওঁৰ সকলো বিধি বিশ্বাসযোগ্য।8সেইবোৰ অনন্ত কাললৈকে অলৰ;সেইবোৰ বিশ্ৱস্ততা আৰু সততাৰে সৈতে স্থাপন কৰা হৈছে।9নিজৰ লোকসকলৰ কাৰণে তেওঁ মুক্তি পঠাই দিলে;তেওঁ আজ্ঞা দি অনন্ত কালৰ কাৰণে নিজৰ নিয়ম স্থাপন কৰিলে;তেওঁৰ নাম পবিত্ৰ আৰু ভয়ঙ্কৰ।10যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ;যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়;তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে।