গীতমালা11asm_irv

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।

1মই যিহোৱাতে আশ্ৰয় লৈছোঁ।তোমালোকে কেনেকৈ মোক ক’ব পাৰা,“পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?”2কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণেদুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে,তেওঁলোকে তাত কাঁড় লগাইছে।3যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়,তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব?4কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে;তেওঁৰ সিংহাসন স্বর্গতে আছে।তেওঁ মানুহলৈ চাই থাকে,তেওঁৰ চকুৱে মানুহক পৰীক্ষা কৰে।5যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে;কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।6তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব;তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।7যিহোৱা ধাৰ্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়;সৎ লোকে তেওঁৰ মুখ দেখা পাব।