প্ৰধান বাদ্যকৰৰ নিমিত্তে দায়ুদৰ ৰচিত গীত
1হে মোৰ প্ৰশংসাৰ যোগ্য ঈশ্বৰ, তুমি নিজম দি নাথাকিবা;2কিয়নো দুষ্ট আৰু ছলনাকাৰী লোকে মোৰ বিৰুদ্ধে মুখ মেলিছে;তেওঁলোকে মিছলীয়া জিভাৰে মোৰ বিৰুদ্ধে কথা কৈছে।3তেওঁলোকে মোক ঘৃণনীয় কথা কৈ আগুৰি ধৰিছে;বিনা কাৰণতে মোক আক্রমণ কৰিছে।4মোৰ প্ৰেমৰ পৰিবর্তে তেওঁলোকে মোৰ বিৰুদ্ধে শত্ৰুতা কৰিছে;কিন্তু মই হ’লে তেওঁলোকৰ বাবে প্ৰাৰ্থনাত লাগি থাকোঁ।5মই কৰা উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰ কৰিলে;মোৰ প্ৰেমৰ সলনি মোক ঘৃণা কৰিলে।6“তুমি তেওঁলোকৰ ওপৰত দুষ্ট বিচাৰক নিযুক্ত কৰা;বিপক্ষ তেওঁলোকৰ সোঁহাতে থিয় হওঁক।7বিচাৰৰ সময়ত তেওঁলোকক দোষী সাব্যস্ত কৰা হওঁক;তেওঁলোকৰ প্ৰাৰ্থনা পাপৰূপে গণিত হওঁক।8তেওঁলোকৰ আয়ুস চুটি হওঁক;অন্য লোকে তেওঁলোকৰ পদবী লৈ লওঁক।9তেওঁলোকৰ সন্তানবোৰ অনাথ হওঁক;তেওঁলোকৰ ভার্যাবোৰ বিধৱা হওঁক।10তেওঁলোকৰ সন্তানবোৰে পথে পথে ভিক্ষা কৰি ফুৰক,উচ্ছন্ন বাসস্থানৰ পৰা দূৰলৈ গৈ আহাৰ বিচাৰি ফুৰক।11মহাজনে তেওঁলোকৰ সৰ্ব্বস্ব লৈ যাওক;বিদেশীবোৰে তেওঁলোকৰ শ্ৰমৰ ফল লুটি নিয়ক।12তেওঁলোকলৈ দয়া কৰোঁতা কোনো নহওক;তেওঁলোকৰ অনাথ সন্তানবোৰৰ প্রতি কৃপা কৰিবলৈ কোনো নাথাকক।13তেওঁলোকৰ ভাবী বংশ উচ্ছন্ন হওক;দ্বিতীয় পুৰুষতে তেওঁৰ নাম লুপ্ত হওক!14তেওঁলোকৰ পিতৃবিলাকৰ অধৰ্মৰ কথা যিহোৱাৰ সোঁৱৰণত থাকক;তেওঁলোকৰ মাতৃসকলৰ পাপ মোচন কৰা নহওঁক।15সকলো সময়তে সেইবোৰ যিহোৱাৰ সন্মুখত থাকক,আৰু পৃথিৱীৰ পৰা তেওঁলোকৰ স্মৃতি লুপ্ত হওঁক।16কাৰণ তেওঁলোকে কেতিয়াও দয়া দেখুৱাৰ কথা মনলৈ নানে,কিন্তু দুখী, দৰিদ্র আৰু হতাশগ্রস্ত লোকসকলক বধ কৰিবৰ কাৰণে তাড়না কৰে।17তেওঁলোকে শাও দিবলৈ ভাল পায়; সেই শাও তেওঁলোকৰ ওপৰলৈকে আহঁক।তেওঁলোকে আশীৰ্ব্বাদ ঘৃণা কৰে; সেয়ে আশীর্বাদ তেওঁলোকৰ পৰা দূৰ হওঁক।18তেওঁলোকে শাওক নিজৰ বস্ত্ৰৰ দৰে পিন্ধিলে;সেয়ে পানীৰ নিচিনাকৈ তেওঁলোকৰ অন্তৰত প্রৱেশ কৰিলে,তেওঁলোকৰ অস্থিবোৰে তেলৰ নিচিনাকৈ শুহি ল’লে।19সেই শাৱে চাদৰৰ দৰে তেওঁলোকক ঢাকি ৰাখক;কঁকালত সদায় বন্ধা টঙালিৰ নিচিনা বান্ধি ৰাখক।”20মোৰ যি বিৰোধীবিলাকে মোৰ বিৰুদ্ধে বেয়া কথা কয়,তেওঁলোকে যিহোৱাৰ পৰা যেন এই প্ৰতিফল পায়।21কিন্তু হে মোৰ প্রভু যিহোৱা, তোমাৰ নামৰ অর্থে মোৰ পক্ষে দয়া ব্যৱহাৰ কৰা;কিয়নো তোমাৰ মঙ্গলময় অসীম প্রেমেৰে মঙ্গলময়, এতেকে মোক উদ্ধাৰ কৰা।22কিয়নো মই দুখী আৰু দৰিদ্ৰ;মোৰ ভিতৰৰ অন্তৰখন বিন্ধিছে।23আবেলিৰ ছাঁৰ নিচিনাকৈ মই নোহোৱা হৈ গৈছো;কাকতি ফৰিঙৰ নিচিনাকৈ মোক উড়ুৱাই নিয়া হৈছে।24লঘোন দিয়াৰ কাৰণে মোৰ আঁঠু দুটা দুৰ্ব্বল হৈছে;মোৰ শৰীৰ ক্ষীণ হৈ শুকাই গৈছে।25মোৰ বিৰোধীসকলৰ ওচৰত মই নিন্দাৰ পাত্র হৈছোঁ;মোক দেখিলেই তেওঁলোকে মূৰ জোকাৰে।26হে মোৰ ঈশ্বৰ যিহোৱা!মোক সহায় কৰা, তোমাৰ দয়া অনুসাৰে মোক ৰক্ষা কৰা;27তেওঁলোকে জানক যে, এয়ে তোমাৰ হাত;হে যিহোৱা, তুমিয়েই এই সকলো কার্য কৰিলা।28তেওঁলোকে শাও দিয়ক, কিন্তু তুমি হ’লে আশীৰ্ব্বাদ কৰিবা;তেওঁলোকে উঠিলে লজ্জিত হ’ব;কিন্তু তোমাৰ দাস আনন্দিত হ’ব।29মোৰ বিৰোধীবোৰে অপমানৰ বস্ত্রাবৰণ পৰিধান কৰক;চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক।30মই নিজ মুখেৰে অতিশয় ৰূপে যিহোৱাৰ ধন্যবাদ কৰিম;লোক সমূহৰ মাজত মই তেওঁৰ প্ৰশংসা কৰিম;31যিজন অভাৱী, তেওঁ সেইজনক সহায় কৰে ; মৃত্যুদণ্ডৰ ৰায়ৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰে।