গীতমালা106asm_irv
1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়;কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।2কোনে যিহোৱাৰ মহৎ কাৰ্যবোৰ বৰ্ণনা কৰিব পাৰে?কোনে তেওঁৰ সকলো প্ৰশংসা প্ৰকাশ কৰিব পাৰে?3ধন্য সেই লোকসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্মাচৰণ কৰে।4হে যিহোৱা, তোমাৰ লোকসকলৰ প্রতি তুমি মৰম প্রকাশ কৰাৰ সময়ত মোকো সোঁৱৰণ কৰিবা;তেওঁলোকক উদ্ধাৰ কৰাৰ সময়ত মোকো সহায় কৰিবা।5যাতে ময়ো যেন তোমাৰ মনোনীত লোকসকলৰ উন্নতি দেখা পাওঁ,তোমাৰ জাতিৰ আনন্দত আনন্দিত হওঁ,আৰু তোমাৰ অধিকাৰৰ সৈতে গৌৰৱ কৰিব পাৰোঁ।6আমাৰ পূর্বপুৰুষসকলৰ দৰে আমিও পাপ কৰিলোঁ;আমি অধর্ম কৰিলোঁ, দুষ্টতাৰ কার্য কৰিলোঁ।7মিচৰত থকাৰ সময়ত আমাৰ পূর্বপুৰুষসকলে তোমাৰ আচৰিত কার্যবোৰৰ মান্যতা নিদিলে;তোমাৰ প্ৰচুৰ প্রেমৰ কথাও সোঁৱৰণ নকৰিলে;বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চূফ সাগৰৰ দাঁতিত সর্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে।8তথাপিও তেওঁ নিজৰ নামৰ অর্থে তেওঁলোকক উদ্ধাৰ কৰিলে,যাতে তেওঁ নিজৰ পৰাক্ৰম প্ৰকাশ কৰিব পাৰে।9তেওঁৰ ধমকিত চূফ সাগৰ শুকাই গ’ল;তেওঁ তেওঁলোকক মৰুভূমিৰ মাজেদি যোৱাৰ দৰে অগাধ জলৰ মাজেদি গমন কৰালে।10এইদৰে তেওঁ তেওঁলোকক ঘৃণাকাৰীবোৰৰ হাতৰ পৰা ৰক্ষা কৰিলে,শত্ৰুৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰিলে।11জল সমূহে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে,এজনো বাচি নাথাকিল।12তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যত বিশ্বাস কৰিলে;তেওঁৰ প্ৰশংসাৰ গান কৰিলে।13কিন্তু তেওঁৰ কার্যবোৰৰ কথা তেওঁলোকে শীঘ্ৰেই পাহৰিলে;তেওঁলোকে তেওঁৰ পৰামৰ্শলৈ বাট নাচালে;14কিন্তু মৰুপ্রান্তৰত তেওঁলোকে অতিশয় লোভ কৰিলে,মৰুভূমিত ঈশ্বৰক পৰীক্ষা কৰিলে।15তেওঁলোকে যিহকে বিচাৰিলে, তেওঁ তাকে তেওঁলোকক দিলে;কিন্তু তেওঁলোকৰ মাজলৈ পঠাই দিলে এক ক্ষয়ৰূপ ৰোগ।16তেওঁলোকে ছাউনিত থকাৰ সময়ত মোচি,আৰু যিহোৱাৰ পবিত্ৰ লোক হাৰোণক ঈৰ্ষা কৰিলে।17পৃথিৱীয়ে মুখ খুলি দাথনক গ্ৰাস কৰিলে আৰু অবীৰামৰ দলক ঢাকি পেলালে।18তেওঁলোকৰ দলৰ মাজত জুই জ্বলিল।অগ্নিশিখাই দুষ্ট লোকসকল দগ্ধ কৰিলে।19তেওঁলোকে হোৰেব পাহাৰত এটা দামুৰি সাজিলে,আৰু সাঁচত ঢলা মূর্তিৰ পূজা কৰিলে।20এইদৰে তেওঁলোকে ঘাঁহ খোৱা গৰুৰ মুৰ্ত্তিৰে সৈতে ঈশ্বৰৰ গৌৰৱ সলনি কৰিলে।21তেওঁলোকৰ উদ্ধাৰকর্তা ঈশ্বৰক তেওঁলোকে পাহৰি গ’ল,যি জনাই মিচৰত অনেক মহৎ কাৰ্য কৰিছিল;22হাম দেশত কৰা নানা আচৰিত কাৰ্যবোৰৰ বিষয়েআৰু চূফ সাগৰৰ দাঁতিত কৰা পৰাক্রম কার্যবোৰৰ কথা তেওঁলোকে পাহৰি গ’ল।23সেয়ে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব।কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভগা গড়ত থিয় হৈ তেওঁলোকৰ মধ্যস্থ হ’ল,আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰ বাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল।24তাৰ পাছত তেওঁলোকে সেই মনোহৰ দেশক তুচ্ছ কৰিলে,তেওঁলোকে যিহোৱাৰ কথাত বিশ্বাস নকৰিলে;25নিজ নিজ তম্বুত তেওঁলোকে ভোৰ ভোৰালে,যিহোৱাৰ বাক্যলৈ তেওঁলোকে কর্ণপাত নকৰিলে।26তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে,“মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম;27তেওঁলোকৰ বংশধৰসকলক জাতিবোৰৰ মাজত নিপাত কৰিম।বিভিন্ন দেশত ছিন্ন-ভিন্ন কৰিম।28পাছত তেওঁলোক বাল পিয়োৰৰ প্রতি আসক্ত হ’ল;মৃত লোকৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে।29এই দৰে তেওঁলোকে নিজৰ অপকৰ্মৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰিলে।তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্রাদুর্ভাৱ হ’ল।30তেতিয়া পীনহচে উঠি বিচাৰ সাধন কৰিলে,তাতে মহামাৰী নিবৃত্ত হ’ল।31পীনহচৰ পক্ষে সেয়া ধাৰ্মিকতা বুলি গণিত হ’ল;পুৰুষে পুৰুষে চিৰকালৰ কাৰণে গণিত হ’ল।32তেওঁলোকে মিৰীবাৰ জলৰ দাঁতিত যিহোৱাৰ খং তুলিছিল,আৰু তেওঁলোকৰ কাৰণেই মোচিলৈ অমঙ্গল ঘটিছিল;33তেওঁলোকে তেওঁৰ আত্মাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে,তাতে মোচিৰ মুখৰ পৰা অবিবেচনাৰ কথা বাহিৰ হ’ল।34যিহোৱাই তেওঁলোকক আন জাতিবোৰক ধ্বংস কৰিবলৈ যি আজ্ঞা দিছিল,তেওঁলোকে তাক নকৰিলে।35বৰং সেই সকলো জাতিৰ লগত তেওঁলোকে নিজক মিশ্রিত কৰিলে,আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ শিকিলে।36তেওঁলোকৰ মূর্তিবোৰক তেওঁলোকে সেৱা-পূজা কৰিলে,আৰু সেইবোৰেই তেওঁলোকৰ ফান্দস্বৰূপ হ’ল।37এনে কি, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্র-কন্যাবোৰক বলি দিলে।38তেওঁলোকে নিৰ্দ্দোষীবোৰৰ ৰক্তপাত কৰিলে,তেওঁলোকৰ পুত্র-কন্যাবোৰৰ ৰক্তপাত কৰিলে,কনানীয়া মূর্তিবোৰৰ উদ্দেশ্যে সন্তানবোৰক বলি দিলে,গোটেই দেশ তেজেৰে অপবিত্ৰ হ’ল।39এইদৰেই তেওঁলোক নিজ নিজ কৰ্মৰ দ্বাৰাই অশুচি হ’ল;কাৰ্যৰ দ্বাৰা তেওঁলোকে নিজকে ব্যভিচাৰী কৰিলে।40তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল;নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।41তেওঁ অন্যান্য জাতিবোৰৰ হাতত তেওঁলোকক শোধাই দিলে;তেওঁলোকক ঘিণ কৰাসকলেই তেওঁলোকক শাসন কৰিলে।42তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে,তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ’ল।43তেওঁ অনেকবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে;কিন্তু তেওঁলোক নিজৰ মন্ত্রণাতে বিদ্ৰোহী হ’ল;নিজৰ অপৰাধৰ কাৰণেই তেওঁলোক নীহ অৱস্থাত পৰিল।44তথাপি তেওঁ যেতিয়া তেওঁলোকৰ কাকুতি শুনিলে, তেওঁলোকৰ সঙ্কটৰ প্রতি দৃষ্টিপাত কৰিলে।45তেওঁ তেওঁলোকৰ কাৰণে স্থাপন কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে;নিজৰ অসীম গভীৰ প্রেম অনুসাৰে তেওঁলোকক দয়া কৰিলে।46যিসকলে তেওঁলোকক বন্দী কৰিছিল,তেওঁলোক সকলোৰে দৃষ্টিত তেওঁ তেওঁলোকক দয়াৰ পাত্র কৰিলে।47হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক উদ্ধাৰ কৰা,জাতিবোৰৰ মাজৰ পৰা তুমি আমাক একগোট কৰা,যাতে আমি তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ,যেন তোমাৰ প্ৰশংসাৰ জয়গান কৰোঁ।48অনাদি কালৰ পৰা অনন্ত কাললৈকে,ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা;সকলো লোকে “আমেন” বুলি কওক।তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।