গীতমালা105asm_irv

1যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা;জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা।2তেওঁৰ উদ্দেশ্যে গীত গোৱা,তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা;তেওঁৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা।3তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা;যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক।4তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচাৰা;নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা।5তেওঁ কৰা আচৰিত কাৰ্যবোৰ সোঁৱৰণ কৰা;তেওঁৰ অদ্ভুত কার্য আৰু তেওঁৰ মুখে কৰা বিচাৰবোৰ সোঁৱৰণ কৰা।6তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ,তেওঁৰ মনোনীত যাকোবৰ সন্তান।7তেৱেঁই আমাৰ ঈশ্বৰ যিহোৱা;তেওঁৰ শাসন-প্ৰণালী সমুদায় পৃথিৱীত বিদ্যমান।8তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে,আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে।9সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইচহাকৰ আগত প্রতিজ্ঞা কৰিছিল।10তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে,ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে।11তেওঁ ক’লে, “মই তোমাক কনান দেশখন দিম;সেয়াই হ’ব তোমাৰ আধিপত্য।12সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল,তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল;13তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ,এক ৰাজ্যৰ পৰা আন লোক সমূহৰ মাজত ভ্ৰমি ফুৰিছিল,14তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে;বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল,15“তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা;মোৰ ভাববাদীসকলৰো কোনো অপকাৰ নকৰিবা।”16তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে,তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে17তেতিয়া তেওঁ তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে- যিজনৰ নাম যোচেফ আছিল;তেওঁক দাসৰূপে বেচা হ’ল।18লোকসকলে তেওঁৰ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে;লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ’ল।19যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়,তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল।20ৰজাই লোক পঠাই তেওঁক মুকলি কৰি দিলে,লোকসকলৰ শাসনকর্তাই তেওঁক মুক্ত কৰিলে।21তেওঁ তেওঁক নিজৰ ৰাজগৃহৰ প্ৰভু পাতিলে,সকলো সম্পত্তিৰ কর্তা কৰিলে।22যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে,আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে।23তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল,যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে।24ঈশ্বৰে নিজৰ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে,শত্ৰুবোৰতকৈয়ো তেওঁলোকক শক্তিশালী কৰিলে।25তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে,তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে;তেওঁৰ দাসবোৰৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে।26তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে;27তেওঁলোকে তেওঁলোকৰ মাজত নানা চিন আৰু হাম দেশত অদ্ভুত লক্ষণবোৰ দেখুৱালে;28তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ’ল;তেওঁৰ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে।29তেওঁলোকৰ জল সমূহক তেওঁ তেজলৈ পৰিণত কৰিলে;তাতে তেওঁলোকৰ সকলো মাছ মৰিল।30তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল;এনে কি, তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্রাসাদো বেঙেৰে ভৰি পৰিল।31তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল।32তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে;গোটেই দেশ বিজুলী আৰু বজ্ৰপাতৰ অগ্নি বৰষালে।33তেওঁলোকৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰত তেওঁ আঘাত কৰিলে,আৰু দেশৰ গছবোৰ ভাঙি পেলালে।34তেওঁৰ কথাতেই কাকতি ফৰিং আহিল,অসংখ্য সৰু ফৰিঙো আহিল।35সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক-পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে।36তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্রথম ফল অর্থাৎ দেশৰ জ্যেষ্ঠ পুত্র সংহাৰ কৰিলে।37পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে;তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল।38তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে,কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল।39তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে;ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে।40তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বটা চৰাই আনি দিলে;আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে।41তেওঁ শিল খুলি দিলে, তাতে জল ওলাই আহিল;সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল।42তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে;তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে।43এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে,তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে।44তেওঁ তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে;সেই সকলো জাতিৰ পৰিশ্রমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে,45যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে।তোমালোকে যিহোৱাৰ প্রশংসা কৰা।