গীতমালা104asm_irv

1হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান;তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।2বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা,আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।3তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা;মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা,বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।4তুমি বতাহক তোমাৰ দূত কৰিছা;অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা5তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা;সেয়ে কেতিয়াও লৰচৰ নহ’ব।6তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা।সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল।7কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল;তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।8পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল;তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল।9এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা,যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।10উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া;সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়।11সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়;বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়।12জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়,গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়।13তেওঁ আকাশৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে;তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।14তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া,যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়;15যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস,মুখ উজ্জ্বল কৰা তেল,আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।16যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়;তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।17সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।18ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস;শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।19ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা;তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে।20তুমি অন্ধকাৰ কৰিলে ৰাতি হয়;অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে।21যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে;ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।22সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে।23মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়;সন্ধ্যালৈকে পৰিশ্ৰম কৰে।24হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী!তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা;সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।25সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ;তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে।26তাৰ মাজত জাহাজবোৰ চলে;তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।27সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে;যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া।28তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়;তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।29তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়;তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।30তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়,আৰু তুমি ভূমিতল নতুন কৰি তোলা।31যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক;যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক।32তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়:তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।33মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম;মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।34তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক;মই যিহোৱাত আনন্দ কৰিম।35পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক;দুষ্টলোক আৰু নাথাকক।হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।