গীতমালা101asm_irv

দায়ুদৰ ৰচিত গীত।

1মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম;হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।2মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম;তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা?মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।3মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম;বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ,সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।4কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব;দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।5যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে,তেওঁক মই উচ্ছন্ন কৰিম;গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম।6দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব;তেওঁলোকে মোৰ সৈতে বাস কৰিব।যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব।7ছলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব;মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব।8প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম;যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।