গীতমালা100asm_irv

ধন্যবাদাৰ্থক গীত।

1হে সমুদায় পৃথিৱী, তোমালোকে যিহোৱাৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰা।2আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰা;আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আহাঁ;3তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ;তেঁৱেই আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই;আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ।4তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা,তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা;তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।5কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী;তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।