গীতমালা10asm_irv

1হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা?সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?2অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে;তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;3দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে;লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে4দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়;“ঈশ্বৰে ইয়াক বিচাৰি নাপাব;”তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।”5সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়;তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে,সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত;তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।6তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব।আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।”7তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ;তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে।8গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে;সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দ্দোষীক হত্যা কৰে;কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।9তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে;তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে;তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।10তেওঁলোকে চাপৰি কুঁজা হৈঅসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে।11তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে;তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।”12হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা;নির্যাতিত সকলক পাহৰি নাযাবা।13দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে?তেওঁলোকে কিয় মনে মনে ভাৱে যে,“তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?”14কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা;অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া,তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা;অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে;তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা15দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা;তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।16যিহোৱা চিৰকালৰ ৰজা;তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।17হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা;তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা,তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;18এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব;তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।