গীতমালা1asm_irv
1ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে,পাপীবিলাকৰ পথত থিয় নহয়,নিন্দকবোৰৰ সমাবেশত নবহে;2কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়,আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।3সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা,যি গছে বতৰত ফল দিয়ে,আৰু যাৰ পাত জঁয় নপৰে;সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।4দুষ্টবোৰ তেনেকুৱা নহয়;সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা।5এই কাৰণে দুষ্টবোৰে ন্যায় বিচাৰত থিয় হ’ব নোৱাৰিব,আৰু পাপীলোকে ধাৰ্মিকসকলৰ সভাত থাকিব নোৱাৰিব।6কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে,কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।