মীখা7asm_irv
1মোৰ সন্তাপ হ’ল!কাৰণ মই গ্রীষ্মকালৰ ফল চপাই শেষ হৈ যোৱাৰ নিচিনা,আৰু দ্ৰাক্ষাবাৰীত থাকি যোৱা দ্রাক্ষাগুটি গোটোৱাৰ দৰে হলোঁ,কাৰণ তাত পুনৰ কোনো ফলৰ থোপা বিচাৰি পোৱা নাযায়,তথাপিও মই প্ৰথমে পকা ডিমৰু ফল পাবলৈ ইচ্ছা কৰিছোঁ।2পৃথিবীৰ পৰা ঈশ্বৰ বিশ্বাসী লোক উচ্ছন্ন হ’ল,লোকসকলৰ মাজত এজনো ন্যায়পৰায়ণ লোক অৱশিষ্ট নাই;তেওঁলোক সকলোৱে ৰক্তপাত কৰিবলৈ খাপ দি থাকে,প্ৰতিজন লোক আৰু তেওঁৰ ভায়েকসকলে জালেৰে আনকোনো এজন লোকক ধৰে।3অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত;শাসনকৰ্তাই ধন খোজে,বিচাৰকৰ্তাই উৎকোচ ল’বলৈ প্রস্তুত থাকে,আৰু প্রভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে, তাক আনৰ আগত কয়;সেয়ে তেওঁলোকে একেলগে পৰিকল্পনা কৰে।4তেওঁলোকৰ মাজৰ শ্রেষ্ঠ জন জংঘলী গোলাপৰ দৰে,ন্যায়পৰায়ণ লোক জোপোহা কাঁইটীয়া গছৰ বেৰা;তোমাৰ প্ৰহৰীসকলৰ দ্বাৰাই কোৱা ভবিষ্যতবাণীৰ দিন এয়ে;তোমাৰ দণ্ডৰ দিন এয়া;এতিয়া তাত বিভ্রান্তিৰ সৃষ্টি হৈছে।5কোনো চুবুৰীয়াক বিশ্বাস নকৰিবা,কোনো বন্ধুৰ ওপৰত আস্থা নাৰাখিবা,তুমি কি কৈছা, সেই বিষয়ে সাৱধান হোৱা,এনে কি, যি মহিলাই তোমাৰ আঁৰত মিছা কথা কয়, তেওঁৰ প্রতিও সাৱধান হোৱা;6কাৰণ পুত্রই নিজৰ পিতৃক অমান্য কৰে,জীয়েকে নিজৰ মাতৃৰ বিৰুদ্ধে উঠে,আৰু বোৱাৰীয়েকে নিজৰ শাহুৱেকৰ বিৰুদ্ধে উঠে;তেওঁৰ নিজৰ ঘৰৰ মানুহেই তেওঁৰ শত্ৰু হয়;7কিন্তু মই হ’লে, যিহোৱালৈ অপেক্ষা কৰিম;মই মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ অপেক্ষা কৰিম;মোৰ ঈশ্বৰে মোৰ কথা শুনিব।8হে মোৰ শত্রু, মোৰ অহিতে আনন্দ নকৰিবা;মই পৰি যোৱাৰ পাছত,পুনৰ উঠিম,মই যেতিয়া অন্ধকাৰত বহোঁ,তেতিয়া যিহোৱা মোৰ বাবে পোহৰ হয়।9কাৰণ মই যিহোৱাৰ অহিতে পাপ কৰিলোঁ,তেওঁ মোৰ বিষয়ে বিচাৰ নকৰালৈকে,মই তেওঁৰ ক্ৰোধ সহন কৰিম ,আৰু তেওঁ মোৰ বাবে ন্যায় বিচাৰ কৰিব,তেওঁ মোক পোহৰলৈ আনিব,তেতিয়া ন্যায় বিচাৰেৰে তেওঁ মোক ৰক্ষা কৰা, মই দেখিবলৈ পাম।10তেতিয়া মোৰ শত্রুৱে সেয়া চাব,“তোমাৰ ঈশ্বৰ যিহোৱা ক’ত?”বুলি সোধা জন লাজত পৰিব,মোৰ দৃষ্টিয়ে তেওঁক চাব;তেওঁক বাটৰ বোকাৰ নিচিনাকৈ গচকা হ’ব।11তোমাৰ দেৱালবোৰ নিৰ্মাণ কৰাৰ দিন আহিছে;সেই দিনা সীমাবোৰ দূৰলৈকে সম্প্ৰসাৰিত হ’ব।12সেই দিনা অচূৰৰ পৰা মিচৰত থকা নগৰবোৰলৈকে,মিচৰৰ পৰা বৃহত নদীলৈকে,সমুদ্ৰৰ পৰা সমুদ্রলৈকে,আৰু পৰ্ব্বতৰ পৰা পৰ্ব্বতলৈকে,আপোনাৰ লোকসকল আপোনাৰ ওচৰলৈ আহিব।13এতিয়া তাত বাস কৰা লোকসকলৰ,আৰু তেওঁলোকৰ কৰ্মৰ ফলৰ কাৰণে,সেই দেশবোৰ উচ্ছন্ন হ’ব।14আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰ জাকক,আপোনাৰ লাখুটিৰে চৰাওক;যদিও তেওঁলোক কর্মিল পাহাৰৰঅৰণ্যত অকলশৰে আছে,তথাপিও তেওঁলোকক আগৰ দৰেই,বাচানত আৰু গিলিয়দত খাবলৈ দিয়ক।15তোমালোক মিচৰৰ দেশৰ পৰা ওলাই অহা দিনৰ দৰে,মই তেওঁলোকক আচৰিত কাৰ্য দেখুৱাম।16দেশবাসীয়ে সেই সকলো দেখিবআৰু নিজৰ সকলো পৰাক্ৰমৰ বিষয়ে লাজ্জিত হ’ব,তেওঁলোকে তেওঁলোকৰ হাত মুখত দিব,আৰু তেওঁলোকৰ কাণ কলা হ’ব।17তেওঁলোকে সাপৰ দৰে ধূলি চেলেকিব,আৰু পৃথিবীত বগাই ফুৰা প্ৰাণীৰ দৰে,তেওঁলোকে গুহাৰ পৰা ভয়েৰে বাহিৰ ওলাব;তেওঁলোকে ভয়েৰে আমাৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ আহিব,আৰু আপোনাৰ কাৰণে তেওঁলোকে ভয় কৰিব।18পাপ ক্ষমা কৰা,আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া,এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে?আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে,কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখুৱাবলৈ ভাল পায়।19আপুনি পুনৰ আমাক দয়া কৰিব,আমাৰ অপৰাধবোৰ আপোনাৰ ভৰিৰে গচকিব;আপুনি আমাৰ সকলো পাপ গভীৰ সমুদ্ৰত পেলাই দিব।20যি দৰে আপুনি অনাদি কালত আমাৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিল,সেই দৰে আপুনি যাকোবলৈ সত্যতাআৰু অব্ৰাহামলৈ বিশ্বস্ততাৰ চুক্তি দেখুৱাব।