শুচি অশুচি জন্তুৰ বিষয়
1পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,2“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক কোৱা যে, ‘সকলো ভূ-চৰ পশুবোৰৰ মাজত এইবোৰ জন্তু তোমালোকে খাব পাৰিবা।3পশুবোৰৰ মাজত যি কোনো জন্তুৰ খুৰা সম্পুৰ্ণৰূপে দুফাল আৰু ঘাঁহ পাগুলে তাক তোমালোকে খাব পাৰিবা4তথাপি ঘাঁহ পাগুলা বা খুৰা দুফাল হোৱাবোৰৰ মাজত তোমালোকে কোনোমতে খাব নলগীয়া পশু এইবোৰ; উট, কিয়নো সি ঘাঁহ পাগুলে হয়, কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অশুচি।5আৰু চাফন পশু, কিয়নো সিও ঘাঁহ পাগুলে, তথাপি দুফলীয়া খুৰা থকা নহয়, সিওঁ তোমালোকৰ পক্ষে অশুচি।6শহা; কিয়নো সিও ঘাঁহ পাগুলে, কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অশুচি।7আৰু গাহৰি: কিয়নো তাৰ খুৰা সম্পুৰ্ণৰূপে দুফাল হয় তথাপি সি ঘাঁহ নাপাগুলে, তোমালোকৰ পক্ষে সিও অশুচি।8তোমালোকে সেইবোৰৰ মাংস ভোজন নকৰিবা আৰু সেইবোৰৰ শৱকো নুচুবা; সেইবোৰ তোমালোকৰ পক্ষে অশুচি।9জলজন্তুবোৰৰ মাজত সমুদ্ৰত কি নদীত বা আন পানীত থকা জন্তুৰ মাজত, পাখি আৰু বাকলি থকা জন্তু তোমালোকে খাব পাৰিবা।10কিন্তু সমুদ্ৰত বা নদীত থকা জলচৰবোৰৰ মাজত বা পানীত থকা সকলো প্ৰাণীৰ মাজত, যিবোৰৰ পাখি আৰু বাকলি নাই, সেইবোৰ তোমালোকৰ পক্ষে ঘিণলগা।11সেইবোৰ তোমালোকৰ পক্ষে সদায় ঘিণলগা। তোমালোকে সেইবোৰৰ মাংস ভোজন নকৰিবা আৰু সেইবোৰৰ শৱকো ঘিণ কৰিবা।12জলন্তুবোৰৰ মাজত যিবোৰৰ পাখি আৰু বাকলি নাই, সেই সকলোৱেই তোমালোকৰ পক্ষে ঘিণলগা।13আৰু পক্ষীবোৰৰ মাজত এইবোৰ তোমালোকে ঘিণ কৰিবা আৰু এইবোৰ নাখাবা, ঈগল, শগুণ,14মটিয়া চিলনী আৰু সকলো বিধৰ ৰঙা চিলনী;15আৰু সকলো বিধৰ কাউৰী,16বগা ফেচাঁ, লক্ষী ফেচাঁ, গঙ্গা-চিলনী আৰু সকলো বিধৰ শেন।17তোমালোকে এইবোৰকো ঘিণ কৰিবা, যেনে - ফেঁচা, মাছৰোকা আৰু হুদু,18দীঘল ডিঙীয়া হাঁহ, ঢোঁৰা কাউৰী আৰু সৰু শগুণ,19বৰটোকোলা, সকলো বিধৰ বগলী, গোবৰ খোঁচোৰা আৰু বাদুলী।20চাৰি ঠেঙেৰে উৰি ফুৰা সকলো পাখি থকা জন্তু তোমালোকৰ পক্ষে ঘিণলগা।21তথাপি পাখি থকা উৰি ফুৰা চাৰি ঠেঙেৰে ফুৰা জন্তুৰ মাজত, মাটিত ভৰ দি জাপ মাৰিবৰ বাবে যিবোৰৰ চাৰি ভৰিৰ ওপৰত দুটা ঠেং থাকে, সেইবোৰ খাব পাৰিবা।22আৰু সকলো বিধৰ কাকতী ফৰিং, সকলো বিধৰ খগা ফৰিং, সকলো বিধৰ উই-চিৰিঙা আৰু সকলো বিধৰ তামুলী ফৰিং, এই সকলোকে তোমালোকে খাব পাৰিবা।23কিন্তু উৰি ফুৰা সকলো চাৰি ঠেঙীয়া জন্তু তোমালোকৰ পক্ষে ঘিণ লগা।24তোমালোক এই জন্তুবোৰৰ দ্বাৰাই সন্ধিয়ালৈকে অশুচি হৈ পৰিবা, যদি কোনোৱে এইবোৰৰ শৱবোৰো স্পৰ্শ কৰে, তেৱোঁ অশুচি হ’ব।25আৰু যিকোনোৱে সেইবোৰৰ শৱ লৈ যাব, সি নিজ কাপোৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।26যিবোৰ জন্তুৰ খুৰা দুফাল হলেও সম্পুৰ্ণৰূপে দুফাল নহয় আৰু যি জন্তুৱে ঘাঁহ নাপাগুলে, সেইবোৰ তোমালোকৰ পক্ষে অশুচি। যিকোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ অশুচি হ’ব।27আৰু চাৰি ঠেঙেৰে ফুৰা সকলো জন্তুৰ মাজত যিবোৰ ভৰিৰ তলুৱাৰে খোজ কাঢ়ে, সেইবোৰ তোমালোকৰ পক্ষে অশুচি। যিকোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।28আৰু যিকোনোৱে সেইবোৰৰ শৱ লৈ যাব, সি নিজ বস্ত্ৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। সেইবোৰেই তোমালোকৰ পক্ষে অশুচি।29মাটিত বগাই ফুৰা সকলো বিধৰ উৰগ জন্তুৰ মাজত এইবোৰ তোমালোকৰ পক্ষে অশুচি; নেউল, এন্দুৰ,30সকলো বিধৰ গুঁই জেঠী, নাইপিয়া, তেজপিয়া, সোণগুঁই, আৰু মটিয়া গুঁই।31বগাই ফুৰা জন্তুৰ জন্তুবোৰৰ ভিতৰত এইবোৰ তোমালোকৰ পক্ষে অশুচি; সেইবোৰ মৰিলে, যি কোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।32আৰু সেইবোৰৰ মাজৰ কোনো শৱ যি বস্তুৰ ওপৰত পৰিব, সিও অশুচি হ’ব; কাঠৰ পাত্ৰ বা বস্ত্ৰ বা ছাল বা মোনা, যিকোনো কামত লগা বস্তুৱেই হওক, তাক পানীত জুবুৰিয়াব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু তেতিয়াহে শুচি হ’ব।33আৰু কোনো মাটিৰ পাত্ৰৰ ভিতৰত সেইবোৰৰ শৱ পৰিলে, তাৰ ভিতৰত থকা সকলো বস্তু অশুচি হ’ব আৰু তোমালোকে তাক ভাঙি পেলাবা।34তাৰ ভিতৰত থকা পানী দি সিজোৱা সকলো খোৱা বস্তু অশুচি হ’ব আৰু তেনেকুৱা সকলো পাত্ৰত থকা সকলো প্ৰকাৰ পেয় দ্ৰব্য অশুচি হ’ব।35আৰু এন্দুৰেই হওঁক বা চুলাই হওঁক, যিকোনো বস্তুৰ ওপৰত সেইবোৰৰ শৱ পৰিব, সেয়ে অশুচি হ’ব; তাক ভাঙি পেলাব লাগিব; সেইবোৰ অশুচি, তোমালোকৰ পক্ষে সেইবোৰ অশুচি হৈ থাকিব।36তথাপি ভুমুক বা যি নাদত অনেক পানী জমা হৈ থাকে, সেয়ে শুচি হব; কিন্তু যি জনে সেইবোৰৰ মৰা শৱ চুব, তেওঁ অশুচি হ’ব।37আৰু সেইবোৰৰ শৱ যদি কোনো ববলগীয়া গুটিত পৰে, তেন্তে সেয়ে শুচি হৈ থাকিব।38কিন্তু গুটিৰ ওপৰত পানী দিলে, যদি সেইবোৰৰ শৱ তাৰ ওপৰত পৰে, তেন্তে সেয়ে তোমালোকৰ পক্ষে অশুচি।39তোমালোকে খাব পৰা পশুৰ মাজত কোনো পশু মৰিলে, যিকোনোৱে তাৰ শৱ চুব, সি সন্ধ্যালৈকে অশুচি হৈ থাকিব।40আৰু যিকোনোৱে তাৰ মাংস খাব, সি নিজৰ কাপোৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। আৰু যি কোনোৱে তাৰ শৱ লৈ যাব তেওঁ নিজ বস্ত্ৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।41আৰু মাটিত বগাই ফুৰা প্ৰত্যেক উৰগ জন্তু ঘিণ লগা; তাক খাব নালাগে।42মাটিত বগাই ফুৰা যিকোনো জীৱজন্তু পেটেৰে যায় বা চাৰি ঠেঙেৰে যায় বা যিবোৰৰ অধিক ভৰি থাকে, সেইবোৰ তোমালোকে নাখাবা; কিয়নো সেইবোৰ ঘিণ লগা।43সেই সকলো বগাই ফুৰা উৰগ আদি জন্তুবোৰৰ দ্বাৰাই তোমালোকে নিজক অশুচি নকৰিবা আৰু অশুচি হবলৈ সেইবোৰৰ দ্বাৰাই নিজকে অশুচি নকৰিবা।44কাৰণ মই তোমালোকৰ ঈশ্বৰ যিহোৱা; এই হেতুকে তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা, কিয়নো মই পবিত্ৰ; তোমালোকে মাটিৰ ওপৰত বগাই ফুৰা ভূ-চৰ জন্তুবোৰৰ দ্বাৰাই নিজকে অশুচি নকৰিবা।45কিয়নো, তোমালোকৰ ঈশ্বৰ হ’বলৈ তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই অনা যিহোৱা মই; এই হেতুকে তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।46শুচি অশুচি বস্তুৰ আৰু খাব পৰা, খাব নোৱাৰা জন্তু, প্ৰভেদ জন্মাবৰ বাবে,47পশু, পক্ষী; জলচৰ আৰু বগাই ফুৰা উৰগ আদি প্ৰাণীবোৰৰ বিষয়ে এই নিয়ম’।”