বিলাপ5asm_irv
চিয়োনে ভোগ কৰা নানা অপমান আৰু তেওঁৰ প্ৰাৰ্থনা
1হে যিহোৱা, আমালৈ যি ঘটিল, তাক সোঁৱৰণ কৰা।দৃষ্টি কৰা আৰু আমাৰ অপমান চোৱা।2আমাৰ আধিপত্য বিদেশীসকলৰ হাতলৈ গ’ল;আমাৰ ঘৰবোৰ বিজাতীয়সকলৰ অধিকাৰলৈ গ’ল।3আমি অনাথ আৰু পিতৃহীন হলোঁ,আমাৰ মাতৃসকল বিধৱা যেন হ’ল।4আমাৰ পানী আমি ধন দি পান কৰোঁআৰু আমাৰ খৰি আমি দাম দি কিনো।5আমাৰ তাড়নাকাৰীবোৰে আমাৰ ডিঙিত যুৱলি লগাইছে।আমি শ্ৰান্ত হলোঁ আৰু অলপো বিশ্ৰাম নাপাওঁ।6আমি মিচৰীয়াহঁতৰ ফালে হাত মেলিলো,আৰু আহাৰেৰে তৃপ্ত হ’বৰ বাবে অচূৰীয়াহঁতলৈ হাতযোৰ কৰিলোঁ।7আমাৰ পূৰ্বপুৰুষসকলে পাপ কৰিলে, আৰু তেওঁলোক এতিয়া নাই,আমি তেওঁলোকৰ অপৰাধৰ ভাৰ বৈছোঁ।8আমাৰ ওপৰত বন্দীবোৰে শাসন কৰে, তেওঁলোকৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাই।9আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো,অৰণ্যৰ তৰোৱালৰ কাৰণে,10দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে;আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে।11শত্ৰুবোৰে চিয়োনত মহিলাসকলক বলাৎকাৰ কৰিলে,সিহঁতে যিহূদা নগৰবোৰত কুমাৰীসকলক ভ্ৰষ্টা কৰিলে।12প্ৰধান লোকসকলক হাতত ডোল লগাই ওলোমাই দিয়া হ’ল,বৃদ্ধাসকলৰ মুখক আদৰ কৰা নহ’ল।13ডেকাসকলে জাঁত-শিল বলে,আমাৰ লৰাসকলে খৰিৰ ভৰত উজুটি খালে।14বৃদ্ধসকলে ঘৰ-দুৱাৰ ত্যাগ কৰিলে,ডেকাসকলে গানবাদ্য এৰিলে।15আমাৰ মনৰ উল্লাস গ’ল;আমাৰ নাচবাগ গুচি শোক হ’ল।16আমাৰ মুৰৰ পৰা মুকুটটি খহি পৰিল!আমাৰ সন্তাপ হ’ল! কিয়নো আমি পাপ কৰিলোঁ!17এই কাৰণে আমাৰ অন্তৰ পীড়িত হ’ল,এইবোৰৰ বাবে আমাৰ চকু দুৰ্ব্বল হ’ল,18কিয়নো চিয়োন পৰ্ব্বতক ধংস কৰা হ’ল, তাৰ ওপৰত শিয়ালবোৰ ফুৰে।19হে যিহোৱা, তুমি চিৰকাললৈকে আছা,তোমাৰ সিংহাসন পুৰুষানুক্ৰমে আছে।20তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা?আৰু ইমান কাল আমাক কিয় ত্যাগ কৰিবা?21হে যিহোৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হ’ম;আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰায় কৰা,22যদিহে তুমি আমাক সম্পূৰ্ণকৈ ত্যাগ কৰা নাই,আৰু আমাৰ অহিতে অতিশয় ক্ৰুদ্ধ হোৱা নাই!