ইয়োব25asm_irv

বিল্দদৰ তৃতীয় বক্তৃতা।

1তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,2প্ৰভুত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে;তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে।3তেওঁৰ বাহিনীসকলৰ সংখ্যা আছে নে?আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়?4তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে?আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে?5চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়,আৰু তৰাবোৰো নিৰ্ম্মল নহয়।6তেনেহলে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়!আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়!