ইয়োবৰ উত্তৰ।
1তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,2তোমালোকে মন দি মোৰ কথা শুনা;আৰু এয়ে তোমালোকৰ শান্ত্বনা হওক।3অলপ সহন কৰা, ময়ো কওঁ;মই কোৱাৰ পাছতো তুমি বিদ্ৰূপ কৰি থাকা।4মই লোকৰ নামত অভিযোগ কৰিম নে?মই কিয় অসহিষ্ণু নহম?5তোমালোকে মোলৈ চাইছা আৰু আচৰিত মানিছা,আৰু নিজৰ মুখত হাত দিছা।6যেতিয়া মই মোৰ কষ্টৰ বিষয়ে ভাবো,তেতিয়া মই বিহ্বল হওঁ, আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে।7দুষ্টবোৰ কিয় জীয়াই থাকে?কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?8সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে;সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে।9সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে,আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে।10সিহঁতৰ ষাঁড় গৰুবোৰে সংগম কৰিলে সেয়ে নিষ্ফল নহয়;সিহঁতৰ গাই জগে, বিনচ নকৰে।11সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে;আৰু সিহঁতৰ সন্তানবোৰে নাচ-গান কৰে।12সিহঁতে খঞ্জৰী আৰু বীণা বজাই গান গায়,আৰু বাঁহীৰ শব্দত উল্লাস কৰে।13সিহঁতে সুখেৰে নিজ নিজ দিন কটায়;পাছত এক নিমিষতে চিয়োললৈ নামি যায়।14তথাপি সিহঁতে ঈশ্বৰক কয়, “তুমি আমাৰ পৰা দূৰ হোৱা;কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ।15সৰ্ব্বশক্তিমান জনানো কোন যে, আমি তেওঁৰ সেৱা কৰিম?আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ’ব?16চোৱা, সিহঁতৰ মঙ্গল সিহঁতৰ হাতৰ দ্বাৰাই নহয়;দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ হওঁক।17দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়?কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে?কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে?18কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা,আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়?19তোমালোকে কোৱা, “ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়”।সেয়ে ভোগ কৰিবৰ কাৰণে তেওঁ তাকেই প্ৰতিফল দিয়ক।20তাৰ নিজ চকুৱেই তাৰ সৰ্ব্বনাশ চাওক, আৰুসৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক।21কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে হ’ল,সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক?22যি জনাই উৰ্দ্ধবাসীসকলৰো বিচাৰ কৰে,এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে?23সকলোৱে ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকিম,কোনোৱে সম্পূৰ্ণ বলত মৰে।24তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ,আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত।25আন কোনোৱে মনত তিতা লাগি মৰে;সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়।26সিহঁত দুয়ো একেলগে ধুলিত শোৱে,আৰু পোকে সিহঁত দুয়োকো ঢাকে।27চোৱা, মই তোমালোকৰ মনৰ ভাব জানিছোঁ;আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ।28কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত?আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত?29তোমালোকে পথিকবিলাকক সোধা নাই নে?30দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়,এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?31তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব?আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব?32তথাপি তাক মৈদামলৈ নিয়া হ’ব,আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব।33আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব;যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব।34তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা!তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।”