ইয়োব19asm_irv

ইয়োবৰ উত্তৰ

1তেতিয়া ইয়োবে পুনৰ উত্তৰ কৰি ক’লে,2তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা,আৰু বাক্যেৰে মোক গুড়ি কৰিবা?3তোমালোকে এই দহবাৰ মোক অপমান কৰিলা;তোমালোকে যে মোলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰিছা, ইয়াতে তোমালোকে লাজ নোপোৱা।4বাস্তৱিকতে মই যদি ভূল কৰিলোঁ,তেন্তে মোৰ সেই ভূল মোৰ লগতে আছে।5যদি বাস্তৱিকতে তোমালোকে মোৰ ওপৰত গৰ্ব্ব কৰা,আৰু মোৰ বিৰুদ্ধে মোৰ অপমানৰ প্ৰমাণ কৰা,6তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে,আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে।7চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰোঁ, কিন্তু কোনেও নুশুনে;মই উপকাৰ পাবলৈ কাতৰোক্তি কৰোঁ, কিন্তু সোধ বিচাৰ নাই।8মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে,আৰু মোৰ পথ আন্ধাৰ কৰিছে।9তেওঁ মোৰ গৌৰৱস্বৰূপ বস্ত্ৰ সোলোকাই দিলে,আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে।10তেওঁ মোক চাৰিওফালে ভাঙি-ছিঙি পেলোৱাত, মই বিনষ্ট হ’লো;তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে,11তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে;আৰু তেওঁ মোক তেওঁৰ শত্রুবোৰৰ মাজৰ এজন বুলি জ্ঞান কৰিছে।12তেওঁৰ সৈন্যবোৰে একেলগে আহি মোৰ বিৰুদ্ধে গড় বান্ধিছে,আৰু মোৰ তম্বুৰ চাৰিওফালে ছাউনি পাতিছে।13তেওঁ মোৰ ভাই-ককাইবোৰক মোৰ পৰা দূৰ কৰিলে,আৰু মোৰ চিনাকি লোক সকল মোলৈ একেবাৰে অচিনাকি হ’ল।14মোৰ জ্ঞাতি-কুটুম্ববোৰ আঁতৰ হৈছে,আৰু মোৰ প্ৰণয়ৰ বন্ধুবোৰে মোক পাহৰিলে।15মোৰ ঘৰৰ বন্দী আৰু মোৰ বেটীবোৰেও, মোক অচিনাকি যেন জ্ঞান কৰে;মই সিহঁতৰ দৃষ্টিত বিদেশী হৈছোঁ।16মোৰ বন্দীক মই মাতিলে, সি উত্তৰ নিদিয়ে;মই নিজ মুখেৰে তাৰ আগত বিনয় কৰিব লগীয়া হৈছোঁ।17মোৰ তিৰোতাৰ আগত মোৰ নিশ্বাস,আৰু মোৰ সহোদৰৰ আগত মোৰ গাৰ গোন্ধ ঘিণলগীয়া হৈছে।18শিশুবোৰেও মোক তুচ্ছ জ্ঞান কৰে;মই উঠিব খুজিলে, সিহঁতে মোৰ অহিতে কথা কয়।19মোৰ বিশ্বাসী বন্ধুবোৰে মোক ঘিণ কৰে,মোৰ প্ৰিয় পাত্ৰসকল মোৰ পৰা বিমুখ হ’ল।20মই হাড়ে-ছালে লাগিলোঁ;মই কেৱল দাঁতৰ ছালখিনিৰে সৈতে সাৰিলোঁ।21হে মোৰ বন্ধু সকল, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা;কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিলে।22ঈশ্বৰৰ নিচিনাকৈ তোমালোকেও মোক কিয় তাড়না কৰিছা?আৰু মোৰ মঙহত তোমালোকৰ কিয় হেপাহ পলোৱা নাই?23অস্ মোৰ কথাবোৰ লিখা হোৱা হ’লে,অস্, সেইবোৰ পুথিত লিখি থোৱা হ’লে,24অস্, সেইবোৰ লোহাৰ কলম আৰু সীহৰ সৈতেসেইবোৰ চিৰকালৰ বাবে শিলত লিখা!25কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে,শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব।26আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত,মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম।27মই নিজেই তেওঁক দেখা পাম,আনৰ চকুৱে নহয়, মোৰ নিজৰ চকুৱেই তেওঁক দেখিব।হাবিয়াহ কৰোঁতে কৰোঁতে মোৰ অন্তৰত হৃদয় ক্ষীণ হৈ গৈছে।28যদি তুমি কোৱা, ‘আমি তাক কেনেকৈ তাড়না কৰিমকিয়নো মূল বিষয় তাৰ ওচৰত পোৱা যায়,’29তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা;কিয়নো ক্রোধে তৰোৱালৰ দণ্ড আনে,গতিকে তোমালোকে জানিব লাগে যে, ন্যায় বিচাৰ এটা আছে।”