ইয়োব12asm_irv

ইয়োবৰ উত্তৰ।

1পাছত ইয়োবে পুনৰায় উত্তৰ দিলে আৰু ক’লে,2“হয় হয়, তোমালোকহে মানুহ;মৰিলে জ্ঞান তোমালোকৰ লগতে যাব।3কিন্তু তোমালোকৰ নিচিনা মোৰো বুদ্ধি আছে;তোমালোকতকৈ মই নিকৃষ্ট নহওঁ;এনেবোৰ কথা কোনে নাজানে?4ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি উত্তৰ পোৱা যি মই, ময়েই বন্ধুৰ হাঁহিয়াতৰ পাত্ৰ হৈছোঁ;ধাৰ্মিক সিদ্ধ পুৰুষ জন হাঁহিয়াতৰ পাত্ৰ হৈছে।5নিৰাপদে থকা লোকৰ মনত বিপদ অপমানৰ বিষয়;পিছল খাই পৰিব লগীয়াবোৰলৈ সেয়ে বাট চায় থাকে।6ডকাইতবোৰৰ তম্বু কুশলে থাকে;যাৰ হাতত ঈশ্বৰে অধিক ধন সম্পত্তি শোধাই দিছে,ঈশ্বৰৰ বিৰক্ত জন্মোৱা এনেবোৰ লোক নিৰ্ব্বিঘ্নে থাকে।7কিন্তু পশুবোৰক সোধাচোন, সেইবোৰে তোমাক কি দিব;আৰু আকাশৰ পক্ষীবোৰক সোধা, সেইবোৰেও তোমাক কৈ দিব।8নাইবা পৃথিবীকো সোধাচোন, সিও তোমাক শিক্ষা দিব;আৰু সমুদ্ৰৰ মাছবোৰেও তোমাক কব।9পশুবোৰে এইবোৰ বিষয় নাজানে যে,যিহোৱাৰ হাতে এইবোৰ কৰিছে - সিহঁতক জীৱন দিছে -10যিহোৱাৰ হাততেই সকলো জীৱজন্তুৰ প্ৰাণ,আৰু সমুদায় মনুষ্য জাতিৰ জীৱাত্মা আছে।11জিভাই যেনেকৈ আহাৰৰ আস্বাদ পায়,তেনেকৈ কাণে জানো কথাৰ পৰীক্ষা নকৰে?12বৃদ্ধ লোকসকলৰ সৈতে জ্ঞান আছে,দীৰ্ঘ আয়ুসত বুদ্ধি থাকে।13জ্ঞান আৰু পৰাক্ৰম তেওঁৰ তাতহে আছে;পৰামৰ্শ আৰু বুদ্ধি তেওঁৰহে।14চোৱা, তেওঁ ভাঙি পেলালে পুনৰায় তাক সজা নাজায়;তেওঁ মানুহক বন্ধ কৰিলে তাক মুকলি কৰা নাযায়।15চোৱা, তেওঁ জল সমূহক আটক কৰে, তাতে সেইবোৰ শুকাই যায়;আকৌ সেইবোৰক উলিয়াই দিয়ে, তাতে সেইবোৰে পৃথিবীখন লণ্ডভণ্ড কৰে।16পৰাক্ৰম আৰু বুদ্ধি-কৌশল তেওঁৰ তাতহে;প্ৰবঞ্চক আৰু প্ৰবঞ্চিত লোক সেই দুয়ো তেওঁৰহে।17তেওঁ মন্ত্ৰী সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়,আৰু বিচাৰকৰ্ত্তা সকলক হতবুদ্ধি কৰে।18তেওঁ ৰজা সকলৰ ক্ষমতা গুচায়,আৰু তেওঁলোকৰ ককালত ডোল লগায়।19তেওঁ পুৰোহিত সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়,আৰু পৰাক্ৰমী সকলক বিনষ্ট কৰে।20তেওঁ বিশ্বাসী সকলৰ বাক-শক্তি দূৰ কৰে,আৰু বৃদ্ধ সকলৰ বিবেচনা-শক্তি কাঢ়ি নিয়ে।21তেওঁ ডাঙৰীয়া সকলৰ ওপৰত অপমান বৰষায়,আৰু বলৱন্ত সকলৰ ককালৰ বান্ধোন ঢিলা কৰে।22তেওঁ আন্ধৰৰ পৰা নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰে,আৰু মৃত্যুচ্ছায়াকো পোহৰলৈ আনে।23তেওঁ জাতি সমূহক উন্নতিপ্ৰাপ্ত কৰে, আৰু বিনষ্টও কৰে;তেওঁ জাতি সমূহক বিস্তাৰিত কৰে, আৰু লৈয়ো যায়।24তেওঁ পৃথিবীৰ লোক-সমাজৰ মুখ্যসকলৰ বুদ্ধি দূৰ কৰে,আৰু পথ নোহোৱা অৰণ্যৰ মাজেদি তেওঁলোকক ভ্ৰমণ কৰায়।25তেওঁলোকে পোহৰ নাপাই আন্ধাৰৰ মাজত খপিয়াই ফুৰে;তেওঁ তেওঁলোকক মতলীয়াৰ নিচিনাকৈ ঢলংপলং কৰি ফুৰায়।