ইয়োব11asm_irv

চোফৰৰ প্ৰথম বক্তৃতা

1তাতে নামাথীয়া চোফৰে উত্তৰ দিলে আৰু ক’লে,2ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে?বহু কথা কোৱা মানুহক জানো নিৰ্দ্দোষী কৰা হ’ব?3তোমাৰ বলকনিয়ে জানো মানুহক নিমাত কৰিব?তুমি নিন্দা কৰিলে, কোনেও তোমাক লাজ নিদিব নে?4কিয়নো তুমি কৈছা, “মোৰ মত ঠিক,আৰু মই তোমাৰ দৃষ্টিতে শুচি।”5কিন্তু অস, ঈশ্বৰে অনুগ্ৰহ কৰি কথা কোৱা হলে,আৰু তোমাৰ বিৰুদ্ধে নিজ মুখ মেলিলে;6জ্ঞানৰ নিগূঢ় বিষয় প্ৰকাশ কৰিলে,ঈশ্বৰৰ বুদ্ধি-কৌশল যে অনেক প্ৰকাৰ, সেই বিষয়ে তেওঁ তোমাক জনোৱা হলে, কেনে ভাল আছিল!এই হেতুকে তুমি জানিবা যে, ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে।7তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰা নে?তুমি সৰ্ব্বশক্তিমান জনাৰ সম্পূৰ্ণ তত্ত্ব লাভ কৰিব পাৰা নে?8সেয়ে আকশ-মণ্ডলৰ নিচিনা ওখ; তুমি কি কৰিব পাৰা?সেয়ে চিয়োলতকৈ অগাধ; তুমি কি জানিব পাৰা?9তাৰ পৰিমাণ পৃথিবীতকৈয়ো দীঘল,আৰু সমুদ্ৰতকৈয়ো বহল।10তেওঁ যদি পোনে পোনে আহে আৰু কোনোবা এজনক যদি আটক কৰি থয়, আৰু বিচাৰ-সভা পাতে,তেন্তে কোনে তেওঁক নিবাৰণ কৰিব পাৰে?11কিয়নো তেওঁ দুষ্ট লোকক জানে,আৰু মনযোগ নিদিলেও তেওঁ অধৰ্ম দেখে।12কিন্তু অসাৰ মানুহ জ্ঞনশূন্য,এনে কি, মনুষ্য জন্মৰে পৰা বনৰীয়া গাধৰ পোৱালিস্বৰূপ।13তুমি যদি নিজৰ মন শুদ্ধ কৰা,আৰু তেওঁৰ ফাললৈ হাত মেলা,14কিন্তু হাতত অধৰ্ম থাকিলে, তাক দূৰ কৰা,আৰু দুষ্টতাক নিজ তম্বুত থাকিব নিদিবা;15তেন্তে তুমি অৱশ্যে নিষ্কলঙ্ক মুখ তুলিব পাৰিবা;এনে কি, সুস্থিৰে থাকিবা, ভয় নাপাবা,16কিয়নো তোমাৰ দুখ তুমি পাহৰি যাবা,ইয়াক বৈ গৈ নাইকিয়া হোৱা পানীৰ নিচিনা মনতে লাগিব।17তোমাৰ জীৱন দুপৰীয়াতকৈ নিৰ্ম্মল হ’ব,আৰু আন্ধাৰ হলেও, সেয়ে প্ৰভাতৰ নিচিনা হ’ব।18আশা থকা কাৰণে তুমি সাহিয়াল হবা;আৰু চাৰিওফালে বুজ-বিচাৰ লৈ নিশ্চিন্তমনে বিশ্ৰাম কৰিবা।19তুমি শোওঁতে কোনেও তোমাক ভয় নেদেখুৱাব;বৰং অনেকে তোমাৰ আগত নিবেদন কৰিব।20কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব,সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব।