যিৰিমিয়া17asm_irv
1যিহূদাৰ পাপ লোহাৰ লিখনী আৰু হীৰাৰ কাঁইটেৰে লিখা হৈছে।তাক তেওঁলোকৰ হৃদয়ৰূপ ফলিত আৰু তোমালোকৰ যজ্ঞ-বেদিৰ শিঙাত কটা হৈছে।2সেই সময়ত যিহূদাৰ সন্তান সকলে কেঁচাপতীয়া গছবোৰৰ গুৰিত তেওঁলোকৰ নিজ নিজ যজ্ঞ-বেদি,আৰু নিজ নিজ আচেৰা মূৰ্ত্তিক ওখ পৰ্ব্বতবোৰৰ ওপৰত সোঁৱৰণ কৰে।3দেশৰ মাজত থকা তেওঁলোকৰ লোকসকলে ওখ পৰ্ব্বতবোৰৰ ওপৰত তেওঁলোকৰ যজ্ঞ-বেদিবোৰ সোঁৱৰণ কৰে। মই তোমাৰ সম্পত্তি আৰু সকলো বহুমুল্য বস্তু লুটদ্ৰব্যস্বৰূপে আনক দিম।মোৰ পাপৰ কাৰণে তোমাৰ সীমাৰ সকলো ফালে, তোমাৰ ওখ ঠাইবোৰকো লুটদ্ৰব্য কৰিম।4আৰু তুমি নিজেই মই তোমাক দিয়া আধিপত্য হেৰুৱাবা।আৰু মই তোমাক, তুমি নজনা দেশত তোমাৰ শত্ৰূবোৰৰ বন্দীকাম কৰোৱাম,কাৰণ তুমি মোৰ ক্ৰোধাগ্নি জ্বলালা, সেয়ে চিৰকাল জ্বলি থাকিব।5যিহোৱাই এইদৰে কৈছে: “যি মানুহে মানুহত ভাৰসা ৰাখে, তেওঁ শাপগ্ৰস্ত;তেওঁ মৰ্ত্ত্যক নিজৰ বাহু জ্ঞান কৰে, আৰু তেওঁৰ মন যিহোৱাৰ পৰা আঁতৰ হয়।6কিয়নো তেওঁ অৰণ্যত থকা ঝাও গছৰ দৰে হ’ব, আৰু মঙ্গল আহিলে তেওঁ গম নাপাব।কিন্তু তেওঁ মৰুভূমিৰ খৰাং ঠাইত নিবাসী-শূন্য লোণা দেশত থাকিব।7যি পুৰুষে যিহোৱাত নির্ভৰ কৰে, আৰু যি জনাৰ বিশ্বাস-ভুমি যিহোৱা, সেই পুৰুষ ধন্য।8কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব।খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব।আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব।9মন সকলোতকৈ কপটময়। তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি; কোনে তাক বুজিব পাৰে?10মই যিহোৱা, মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁতা।প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিওঁ।11ন্যায়ৰূপে ধন নোগোটোৱা মানুহ, নিজে নজগোৱা আন পোৱালি গোটোৱা কইৰা চৰাইৰ নিচিনা;তাৰ আধা বয়সতে সেয়ে তাক এৰি যাব, আৰু শেষ কালত সি মূৰ্খ হৈ পৰিব।12আদিৰে পৰা উচ্চস্থানত স্থাপিত গৌৰৱাম্বিত সিংহাসন আমাৰ ধৰ্মধাম।13যিহোৱাই ইস্ৰায়েলৰ আশা-ভুমি। যিসকলে তোমাক ত্যাগ কৰে, তেওঁলোক সকলোৱেই লজ্জিত হব; যিসকলে সেই ঠাইত তোমাৰ পৰা আঁতৰি যায় তেওঁলোক বঞ্চিত হ’ব।কিয়নো তেওঁলোকে জীৱিত জলৰ ভুমুকস্বৰূপ যিহোৱাক ত্যাগ কৰিলে।14হে যিহোৱা, মোক সুস্থ কৰা, তাতে মই সুস্থ হম! মোক ৰক্ষা কৰা, তেতিয়া মই পৰিত্ৰাণ পাম। কিয়নো তুমি মোৰ প্ৰশংসাৰ স্থল।15চোৱা, তেওঁলোকে মোক কৈছে, “যিহোৱাৰ বাক্য ক’ত? সেয়ে এতিয়া ঘটক।”16মই হ’লে তোমাৰ পাছে পাছে মেৰ-ছাগ ৰখীয়া হ’বলৈ সততে বিমুখ হোৱা নাই, নাইবা দুখপূৰ্ণ দিনলৈ মই ইচ্ছা কৰা নাই।তাক তুমি জানি আছা; মোৰ ওঁঠৰ পৰা যি ওলাইছিল, সেয়ে তোমাৰ আগত আছিল।17মোলৈ ত্ৰাসস্বৰূপ নহ’বা। বিপদৰ দিনত তুমিয়েই মোৰ আশ্ৰয়।18মোৰ তাড়নাকাৰীসকলে লাজ পাওঁক, কিন্তু মোক হ’লে লাজ পাবলৈ নিদিবা। তেওঁলোক হ’লে ব্যাকুল হওঁক, কিন্তু মোক হ’লে ব্যাকুল হবলৈ নিদিবা।তেওঁলোকৰেই ওপৰত বিপদৰ দিন ঘটোৱা, আৰু দুগুণ সংহাৰেৰে তেওঁলোকক সংহাৰ কৰা।”