যিচয়া54asm_irv

যিৰূচালেমৰ ভাবী মঙ্গল।

1সন্তান জন্ম নিদিয়া মহিলা সকল গান গোৱা, কেতিয়াও প্ৰসৱ-বেদনা নোপোৱা মহিলা সকল, তোমালোকে আনন্দ গান আৰু উচ্চধ্বনিৰে উল্লাসিত হোৱা;কাৰণ যিহোৱাই কৈছে, বিবাহিত মহিলাৰ সন্তানতকৈ পৰিত্যক্ত মহিলাৰ সন্তান অধিক।2তোমালোকৰ তম্বু ডাঙৰ কৰা, আৰু তম্বুবোৰ পর্দাবোৰ যিমান পাৰা বহলাই দিয়া;তোমালোকৰ জৰীবোৰ দীঘল কৰা আৰু খুটিবোৰ শক্তিশালী কৰা।3তোমালোকৰ সোঁহাত আৰু বাওঁহাত মেলি দিয়া হ’ব,আৰু তোমালোকৰ বংশধৰসকলে দেশবোৰ জয় কৰিব, আৰু পৰিত্যক্ত নগৰবোৰ পুনৰ স্থাপন কৰিব।4ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা;তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা।5তোমালোকৰ সৃষ্টিকর্তাই তোমালোকৰ স্বামী; তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা।ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মুক্তিদাতা; তেওঁ সমগ্র পৃথিবীৰ ঈশ্বৰ বুলি প্রখ্যাত।6কাৰণ আত্মাত শোক পোৱা আৰু পৰিত্যাগ হোৱা, যৌৱনকালত বিয়া হৈ অগ্রাহ্য হোৱা মহিলাৰ দৰে,যিহোৱাই পুনৰ ভাৰ্যাৰ দৰে তোমালোকক আহ্বান কৰিছে, এই কথা তোমালোকৰ যিহোৱাই কৈছে।7“মই অলপ সময়ৰ বাবে তোমালোকক ত্যাগ কৰিছিলোঁ; কিন্তু অধিক দয়াৰে মই তোমালোকক চপাম।8অত্যন্ত ক্রোধত, মই ক্ষন্তেকৰ বাবে তোমালোকৰ পৰা মোৰ মুখ লুকুৱাইছিলোঁ;কিন্তু অনন্তকলীয়া বিশ্বাসযোগ্য চুক্তিৰে মই তোমালোকক দয়া কৰিম,” তোমালোকক উদ্ধাৰ কৰা যিহোৱাই কৈছে,9“এইয়া মোৰ বাবে নোহৰ সময়ৰ জল সমূহৰ দৰে;সেই নোহৰ সময়ৰ জল সমূহে পুনৰায় পৃথিৱী প্লাবিত নকৰিব বুলি মই যেনেকৈ শপত কৰিছিলোঁ,সেই দৰে মই এতিয়া শপত কৰিছোঁ যে, মই তোমালোকক খং নকৰোঁ, আৰু ধমকিও নিদিওঁ।10যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব;তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।11হে পীড়িত জন, ধুমুহাত ক্ষতিগ্রস্ত আৰু শান্ত্বনা নোপোৱা জন,চোৱা, মই ফিৰোজাৰে তোমালোকৰ ফুটপাথ, আৰু নীলকান্ত মণিৰে তোমালোকৰ ভিত্তিমূল স্থাপন কৰিম।12মই ৰুবী বাখৰৰে তোমালোকৰ চূড়াবোৰ, আৰু চিকমিকিৱা পাথৰেৰে তোমালোকৰ দুৱাৰবোৰ স্হাপন কৰিম,আৰু তোমালোকৰ চাৰিও সীমা ধুনীয়া পাথৰেৰে নিৰ্ম্মাণ কৰিম।13তোমালোকৰ সকলো সন্তান যিহোৱাৰ দ্বাৰাই শিক্ষিত হব,আৰু তোমালোকৰ সন্তান সকলৰ শান্তি মহান হ’ব।14ধাৰ্মিকতাত মই তোমালোকক পুনৰ স্থাপন কৰিম;তোমালোকৰ আৰু অত্যাচাৰ অভিজ্ঞতা নহ’ব, কাৰণ তোমালোকৰ ভয় নহ’ব; আৰু আতঙ্কজনক কোনো কথাই তোমালোকৰ ওচৰলৈ নাহিব।15চোৱা, যদি কোনো এজন যন্ত্রণাৰে আলোড়িত কৰে, সেইয়া মোৰ পৰা নহয়; যি কোনোৱে তোমালোকক যন্ত্রণাৰে আলোড়িত কৰাৰ সৈতে তোমালোকক পৰাজিত কৰিব।16চোৱা, মই কাৰিকৰ সৃষ্টি কৰিলোঁ, যি জনে জ্বলি থকা কয়লাত ফু মাৰে,ধাতুৰে অস্ত্ৰ-শস্ত্র গঢ়া তেওঁৰ কাম, সেই কমাৰক ময়েই সৃষ্টি কৰিলোঁ, আৰু মই ধ্বংস কৰিবলৈ ধ্বংসকাৰী সৃষ্টি কৰিলোঁ।17তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব;আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা।যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন” এয়াই যিহোৱাৰ ঘোষনা।