যাত্ৰাপুস্তক33asm_irv
1যিহোৱাই মোচিক ক’লে, “ইয়াৰ পৰা যোৱা, যি দেশ তোমাৰ বংশক দিম বুলি মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত শপত কৰিছিলোঁ, সেই দেশলৈ, মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা লোকসকলৰ সৈতে তুমি যোৱা।2মই তোমাৰ আগে আগে এজন দূত পঠাম, আৰু কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলক খেদিম।3গাখীৰ আৰু মৌজোল বৈ থকা দেশলৈ যোৱা। কিন্তু মই তোমালোকৰ লগত নাযাওঁ; কাৰণ তোমালোক ঠৰডিঙীয়া লোক। মই হয়তো বাটতে তোমালোকক বিনষ্ট কৰিব পাৰোঁ।”4লোকসকলে যেতিয়া সেই সমস্যাৰ কথা শুনিলে, তেতিয়া তেওঁলোকে শোক কৰিলে; আৰু কোনো এজনেও অলঙ্কাৰ পৰিধান নকৰিলে।5যিহোৱাই মোচিক কৈছিল, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কোৱা, ‘তোমালোক ঠৰডিঙীয়া লোক। মই যদি তোমালোকৰ মাজলৈ এক মুহূৰ্তৰ বাবেও যাওঁ, তেনেহ’লে মই তোমালোকক বিনষ্ট কৰিম। সেয়ে তোমালোকৰ লগত মই কি কৰিব লাগে, সেই বিষয়ে যেতিয়ালৈকে মই সিদ্ধান্ত নলওঁ, তেতিয়ালৈকে তোমালোকে নিজৰ অলঙ্কাৰ খুলি ৰাখিব’।”6তেতিয়া ইস্ৰায়েলী লোকসকলে হোৰেব পৰ্ব্বতৰ পৰাই নিজৰ অলঙ্কাৰবোৰ পৰিধান নকৰিলে।7মোচিয়ে তম্বুৰ কাপোৰ এটা লৈ, তম্বুৰ বাহিৰত কিছু দূৰত তৰিলে; আৰু তাৰ নাম সাক্ষাৎ কৰা তম্বু ৰাখিলে। যিহোৱাক বিচাৰা প্ৰতিজনে তম্বুৰ বাহিৰত থকা সেই সাক্ষাৎ কৰা তম্বুলৈ যায়।8মোচি যেতিয়া সেই তম্বুৰ ভিতৰলৈ যায়, তেতিয়া সকলো লোকে উঠি প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হয়। মোচিয়ে যেতিয়ালৈকে সেই তম্বুত নোসোমায়, তেতিয়ালৈকে লোকসকলে মোচিক চাই থাকে।9মোচি যেতিয়াই তম্বুত সোমায়, তেতিয়াই মেঘ-স্তম্ভ নামি আহি তম্বুৰ প্রবেশ দুৱাৰত স্থিতি লয়, আৰু যিহোৱাই মোচিৰে সৈতে কথা পাতে।10লোকসকলে যেতিয়াই তম্বুৰ প্রবেশ দুৱাৰত মেঘ-স্তম্ভ স্থিতি হোৱা দেখে, তেতিয়াই প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ আৰাধনা কৰে।11যিদৰে মানুহে নিজৰ বন্ধুৰ লগত কথা পাতে, সেইদৰে যিহোৱাই মুখামুখি মোচিৰ লগত কথা পাতে। তাৰ পাছত মোচিয়ে তম্বুৰ পৰা ওলাই আহে, কিন্তু তেওঁৰ যুৱক পৰিচাৰক, নুনৰ পুত্ৰ যিহোচূৱা তম্বুৰ ভিতৰতে থাকে।