জ্ঞানৰ কথা
1সুগন্ধি মূল্যৱান তেলতকৈ সুনাম উত্তম,জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।2ভোজনৰ ঘৰলৈ যোৱাতকৈ শোকৰ ঘৰলৈ যোৱা ভাল;কিয়নো জীৱনৰ শেষত সকলো মানুহৰে মৃত্যু আহিব,জীৱিত লোকে এই কথা তাক মনত ৰখা উচিত।3হাঁহিতকৈ দুখ ভোগ ভাল।কাৰণ মুখৰ বিষন্নতাৰ দ্বাৰাই হৃদয়ক আনন্দিত কৰা হয়।4জ্ঞানৱানৰ হৃদয় শোকৰ ঘৰত থাকে;কিন্তু অজ্ঞানী লোকৰ হৃদয় কেৱল আমোদ-প্রমোদৰ ঘৰত থাকে।5অজ্ঞানীৰ প্রশংসাৰ গান শুনাতকৈ জ্ঞানৱানৰ তিৰস্কাৰ শুনাই ভাল।6কেৰাহীৰ তলত জ্বলন্ত কাঁইট খৰিৰ ফুটফুটনি যেনেকুৱা,মূৰ্খৰ হাঁহিও ঠিক তেনেকুৱা;ইও অসাৰ।7অন্যায়ভাৱে দাবী কৰা জ্ঞানী লোক স্বৰূপেই মূর্খ হৈ যায়;ভেঁটিয়ে বিবেচনা-শক্তি নষ্ট কৰে।8কোনো কাৰ্যৰ আৰম্ভণতকৈ তাৰ শেষ ভাল, আৰু অহংকাৰী আত্মাতকৈ ধৈর্যশীল আত্মা ভাল।9তোমাৰ আত্মাক হঠাৎ খং উঠিবলৈ নিদিবা;কিয়নো খং অজ্ঞানীবোৰৰ হৃদয়ত বাস কৰে।10বৰ্ত্তমান কালতকৈ আগৰ কাল কিয় ভাল আছিল?এনে কথা নুসুধিবা;কিয়নো এই প্ৰশ্ন কৰা প্রজ্ঞাৰ কাম নহয়।11পৈত্ৰিক ধন-সম্পত্তি পোৱাৰ দৰে প্রজ্ঞা বহুমূল্য উত্তম বস্তু।পৃথিৱীত ভালদৰে জীৱিত থকা লোকসকল ।12কিয়নো ধনৰ দৰে প্ৰজ্ঞায়েও নিৰাপত্তা দান কৰে।কিন্তু জ্ঞানৰ সুবিধা হৈছে এয়ে যে,জ্ঞানৱানৰ জ্ঞানেই তেওঁৰ জীৱন ৰক্ষা কৰে।13ঈশ্বৰৰ কাৰ্যবোৰ ভাৱি চোৱা;কিয়নো তেওঁ যিহক বেঁকা কৰিছে, তাক কোনে পোনাব পাৰে?14সুখৰ দিনত সুখী হোৱা;কিন্তু দুখৰ দিনত এই কথা বিবেচনা কৰি চাবা:ঈশ্বৰে যেনেকৈ সুখ ৰাখিছে, তেনেকৈ দুখকো ওচৰা-ওচৰিকৈ ৰাখিছে।সেয়ে মানুহে নিজৰ ভৱিষ্যতৰ একো কথাকে নাজানে।জীৱনৰ ৰহস্য
15মোৰ এই অসাৰ জীৱনকালত মই অনেক বিষয় দেখিলোঁ।কোনো কোনো ধাৰ্মিক লোক নিজৰ ধাৰ্মিকতাৰ মাজত বিনষ্ট হৈ যায়,আৰু কোনো কোনো দুষ্ট লোক নিজৰ দুষ্টতাৰ মাজত অনেক দিন জীয়াই থাকে।16নিজৰ চকুত নিজে অতিৰিক্ত ধাৰ্মিক নহবা বানিজকে অতিৰিক্ত জ্ঞানী নেদেখুৱাবা;কিয় তুমি নিজকে ধ্বংস কৰিবা?17অতিশয় দুষ্ট নহবা, আৰু অজ্ঞানীও নহবা;কিয় তুমি সময়ৰ আগেয়ে মৰিবা?18এই জ্ঞানৰ কথা তুমি ধৰি ৰখা ভাল;এটাকো হাতৰ পৰা যাবলৈ নিদিবা;যি লোকে ঈশ্বৰক ভয় কৰে,তেওঁ সকলো কঠিনতাত কৃতকার্য হ’ব।19দহজন শাসনকর্তাই এখন নগৰক যিমান শক্তিশালী কৰে, প্রজ্ঞাই এজন জ্ঞানৱানক তাতোকৈ অধিক পৰিমাণে শক্তিশালী কৰে।20পৃথিৱীত বাস্তৱিক এনে কোনো সৎলোক নাই, যি জনে ভাল কাম কৰে আৰু কেতিয়াও পাপ নকৰে।21মানুহে কোৱা সকলো কথালৈ কাণসাৰ নিদিবা, হয়তো তোমাৰ দাসে তোমাক শাও দিয়াহে শুনিবা।22কাৰণ তুমিও তোমাৰ হৃদয়ত জানা যে, তুমি নিজেও আনক অনেকবাৰ সেইদৰে শাও দিছা।23এই সকলো মই প্ৰজ্ঞাৰ দ্বাৰাই পৰীক্ষা কৰি চাই ক’লোঁ,“মই জ্ঞানৱান হ’ম,”কিন্তু জ্ঞান মোৰ পৰা দূৰৈত আছিল।24প্রজ্ঞালাভ মোৰ পৰা অতি দূৰৈত আৰু ই অতি গভীৰ। কোনে তাক পাব পাৰে?25সেইবাবে মই মন স্থিৰ কৰিলোঁ যাতে জ্ঞানৰ লগতে যি সকলো বাস্তৱ ব্যাখ্যাবোৰ আছে,তাক জানিব পাৰোঁ আৰু পৰীক্ষা তথা অনুসন্ধান কৰি চাব পাৰোঁ,লগতে বুজিব পাৰোঁ যে দুষ্টতা হৈছে মূর্খতা আৰু মূর্খতাই হৈছে বিচাৰবুদ্ধিহীনতা।26মই দেখিলোঁ, মৃত্যুতকৈয়ো তিতা হৈছে স্ত্রী,যাৰ হৃদয় ফান্দ আৰু জালেৰে পৰিপূর্ণ আৰু হাত দুখন শিকলিস্বৰূপ।যি মানুহ ঈশ্বৰক সন্তুষ্ট কৰে,তেওঁ তাইৰ হাতৰ পৰা সাৰিব,কিন্তু পাপী তাইৰ দ্বাৰা ফান্দত পৰিব।27উপদেশকে কৈছে, “চোৱা, মই যি দৃষ্টিগোচৰ কৰিলোঁ, তাক বিবেচনা কৰা।” সকলো কথাৰ অন্তৰালত যি সাৰ আছে, তাক উলিয়াবলৈ মই এটাৰ পাছত এটাকৈ বিচাৰ কৰি কিছুমান বিষয় জানিব পাতিলোঁ।28মোৰ প্ৰাণে যি বিচাৰিছে, তাক মই এতিয়াও পোৱা নাই; হাজাৰজনৰ মাজত এজনহে সৎ পুৰুষ পালোঁ, কিন্তু তেওঁলোকৰ মাজত এগৰাকী স্ত্রীকো সৎ দেখা নাপালোঁ।29কেৱল ইয়াকেহে মই জানিব পাতিলোঁ যে, ঈশ্বৰে মানুহক সৰল কৰি স্ৰজন কৰিছিল, কিন্তু মানুহ নানা যুক্তিৰ আলম লৈ অবাটে গ’ল।