পাঁচনি সকলৰ কৰ্ম23asm_irv
1পৌলে মহাসভালৈ পোনপটীয়াকৈ চাই ক’লে, “হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছোঁ৷”2এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকা সকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে৷3তেতিয়া পৌলে তেওঁক ক’লে, “হে বগাকৈ লিপা গড়, ঈশ্বৰে আপোনাকহে অাঘাত কৰিবলৈ উদ্যত হৈ আছে৷ আপুনি বিধানৰ মতে মোৰ সোধ-বিচাৰ কৰিবলৈ বহি আছে, নে সেই বিধান উলঙ্ঘন কৰি মোক মাৰিবলৈ আজ্ঞা দিছে?”4তাতে ওচৰত থিয় হৈ থকা সকলে ক’লে, “তই ঈশ্বৰৰ মহা-পুৰোহিতক অপমান কৰ নে?”5পৌলে ক’লে, “হে ভাইসকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলো৷ কিয়নো লিখা আছে,‘তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কু-বাক্য নুবুলিবা৷’”6পাছত পৌলে তেওঁলোকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহাসভাত ৰিঙিয়াই ক’লে, “হে ভাইসকল, মই ফৰীচী, আৰু এজন ফৰীচীৰ পুতেক৷ কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে৷”7তেওঁ এই কথা কওঁতে, ফৰীচী আৰু চদ্দূকী সকলৰ মাজত বিবাদ হ’ল, আৰু লোকসকল দুভাগত ভাগ হ’ল৷8কিয়নো চদ্দূকীসকলে পুনৰুত্থান, স্বৰ্গৰ দূত আৰু আত্মা, এইবোৰ নাই বুলি কয়,কিন্তু ফৰীচী সকলে সেইবোৰ স্বীকাৰ কৰে৷9তাতে বৰকৈ হুলস্থুল হ’ল আৰু ফৰীচীসকলৰ ফলীয়া বিধানৰ অধ্যাপক সকলৰ কেইজনমানে উঠি বাগ্যুদ্ধ কৰি ক’লে, “আমি এই মানুহ জনৰ ওচৰত একো দোষ নাপাও৷ যদি কোনো আত্মা নাইবা দূতে দম্মেচকৰ পথত সঁচাকৈ তেওঁৰ সৈতে কথা ক’লে;”10তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷11তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”12পাছ দিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷13সেই চক্ৰান্ত কৰা লোক চল্লিশ জনতকৈ অধিক আছিল৷14তেওঁলোকে প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলৰ ওচৰলৈ গৈ ক’লে, “পৌলক বধ নকৰালৈকে আমি একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ৷15এই কাৰণে আপোনালোকৰ মহাসভাৰ সৈতে এই বিষয়ে অধিক নিশ্চিত ভাবে জানিবৰ ছলেৰে, আপোনালোকৰ ওচৰলৈ তেওঁক আনিবৰ বাবে হাজাৰৰ সেনাপতিৰ আগত আবেদন কৰিব, তেতিয়া সি আপোনালোকৰ ওচৰ আহি নাপাওঁতেই আমি তাক বধ কৰিবলৈ সাজু হৈ থাকিম৷”16কিন্তু পৌলৰ ভাগিনিয়েকেতেওঁলোকৰ এই খাপ দিয়া কথা শুনি, দুর্গত সোমাই গৈ পৌলক ক’লে৷17তেতিয়া পৌলে এজন এশৰ সেনাপতিক মাতি ক’লে, “এই ডেকাক হাজাৰৰ সেনাপতিৰ ওচৰলৈ লৈ যোৱা, কিয়নো তেওঁৰ আগত এই বিষয়ে কোনো সম্বাদ জনাবলৈ আছে৷”18তেতিয়া তেওঁ তাক লগত লৈ হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ ক’লে, “আপোনাৰ আগত এই ডেকাৰ কিবা কথা কবলৈ আছে বুলি বন্দীয়াৰ পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক আনিবলৈ মিনতি কৰিলে৷”19হাজাৰৰ সেনাপতিয়ে তাক হাতত ধৰি লৈ, এফলীয়া হৈ গুপুতে সুধিলে, “মোক ক’বলৈ তোমাৰ কি কথা আছে?”20ডেকাজনে ক’লে, “আপুনি পৌলৰ বিষয়ে সুধি জানিব খোজাৰ নিচিনাকৈ, তেওঁক কালিলৈ মহাসভালৈ যেন লৈ যাব, আপোনাৰ আগত এনে নিবেদন কৰিবলৈ ইহুদী সকলে সিদ্ধান্ত কৰিছে৷21এতেকে আপুনি তেওঁলোকৰ কথা নুশুনিব, কাৰণ তেওঁলোক চল্লিশ জনতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন-পান নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছে আৰু এই প্ৰতিজ্ঞাৰে নিজকে বান্ধি খাপ দি আছে৷ আনকি তেওঁলোক সাঁজু হৈ আপোনাৰ অনুমতিলৈ বাট চাই আছে৷”22তেতিয়া হাজাৰৰ সেনাপতিয়ে সেই ডেকাক বিদায় দিয়াৰ পূর্বে এই আদেশ দিলে, “তুমি যে এইবোৰ কথা মোৰ আগত প্ৰকাশ কৰিলা, পুনৰ কাকো নকবা৷”23তেতিয়া তেওঁ এশৰ সেনাপতি সকলৰ দুজনক ওচৰলৈ মাতি আনি আজ্ঞা দিলে, “ৰাতি ন বজাত চীজাৰিয়া যাবলৈ দুশ জন সৈন্য, সত্তৰ জন অশ্বাৰোহী আৰু দুশ বৰছা-ধাৰী সৈন্য যুগুত কৰা৷”24আৰু পৌলক নিৰাপদে ফীলিক্স দেশাধিপতিৰ ওচৰলৈ বহুৱাই লৈ যোৱা বাহনো যুগুত কৰিবলৈ তেওঁলোকক আজ্ঞা দিলে।25পাছত তেওঁ এইদৰে পত্ৰ লিখি দিলে,26“মহামহিম শ্ৰীযুক্ত ফীলিক্স দেশাধিপতিলৈ ক্লৌদিয় লুচিয়ৰ নমস্কাৰ৷27এই মানুহ জনক ইহুদী লোকে ধৰি বধ কৰিবলৈ উদ্যত হৈছে, সেনাবোৰে সৈতে গৈ, এওঁ এজন ৰোমীয়া মানুহ বুলি জানি, মই এওঁক উদ্ধাৰ কৰিলোঁ৷28পাছত কি কাৰণে তেওঁলোকে এওঁক অপবাদ দিছে, তাক জানিবৰ মনেৰে তেওঁলোকৰ মহাসভালৈ এওঁক নিয়াও হৈছিল৷29তাতে প্ৰাণদণ্ড বা কাৰাদণ্ডৰ বন্ধন পোৱাৰ যোগ্য এনে কোনো অপবাদ দিয়া হোৱা নাই, কিন্তু তেওঁলোকৰ বিধানৰ ওপৰত বাদ-বিচাৰ কৰি কোনো দোষ ধৰা যেনহে পালোঁ৷30পাছত এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোক জনোৱা হ’ল আৰু সেয়ে সিদ্ধ হোৱাৰ আগন্তুক দেখি, মই তৎক্ষণাৎ এওঁক আপোনাৰ ওচৰলৈ পঠাই দিলোঁ আৰু এওঁৰ গুচৰীয়া সকলকো আপোনাৰ আগত এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ৷ ইতি।”31পাছত সেনা সকলে আজ্ঞা অনুসাৰে ৰাতিতে পৌলক তুলি, আন্তপাত্ৰি নগৰলৈ নিলে৷32কিন্তু পাছদিনা অশ্বাৰোহী সকলক তেওঁৰ লগত যাবলৈ দি দুর্গলৈ উলটি আহিল৷33পাছত তেওঁলোকে চীজাৰিয়া পাই, দেশাধিপতিক পত্ৰ খন দি, তেওঁৰ আগত পৌলকো হাজিৰ কৰালে৷34তেতিয়া তেওঁ সেই পত্ৰ পঢ়ি পৌল কোন প্ৰদেশৰ বুলি সুধিলে; পাছে কিলিকিয়াৰ বুলি জানি,35তেওঁ ক’লে, “তোমাৰ গুচৰীয়াবোৰ আহিলেহে মই তোমাৰ কথা শুনিম৷” তেতিয়া তেওঁ হেৰোদৰ প্ৰিটৰিয়মত ৰাখিবলৈ তেওঁক আজ্ঞা দিলে৷