2 কৰিন্থীয়া8asm_irv

দানশীলতাৰ উৎকৃষ্ট ফল

1হে প্ৰিয় ভাই আৰু ভনী সকল, মাকিদনিয়া দেশৰ মণ্ডলী সমূহক দিয়া ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে মই আপোনালোকক জনাওঁ যে,2ক্লেশৰূপ মহা-পৰীক্ষাতো তেওঁলোকৰ আনন্দ অধিক হ’ল আৰু তেওঁলোকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল।3কিয়নো মই সাক্ষ্য দিছোঁ যে, তেওঁলোকে নিজ শক্তি অনুসাৰে দিয়াৰ উপৰি, সাধ্যৰ অতিৰিক্ত পৰিমাণে দিলে, আৰু4নিজ ইচ্ছাৰে অনেক মিনতি কৰি, পবিত্ৰ লোক সকলৰ সহভাগিতাত পৰিচৰ্যা কাৰ্যৰ সহভাগী হবলৈ আমাৰ আগত যাচনা কৰিলে;5আৰু কেৱল আমি আশা কৰা অনুযায়ী নহয়, কিন্তু প্ৰথমে প্ৰভুৰ উদ্দেশ্যে, শেষত ঈশ্বৰৰ ইচ্ছাৰ দৰে আমাৰ উদ্দেশ্যে তেওঁলোকে দান কৰিলে।6সেই বাবে আমি তীতক উৎসাহিত কৰিলোঁ, কিয়নো যেনেকৈ তেওঁ আগেয়ে আপোনালোকৰ লগত কার্য আৰম্ভ কৰিছিল, তেনেদৰেই আপোনালোকক সেই অনুগ্ৰহতো যেন পৰিপূৰ্ণ কৰে৷7কিন্তু আপোনালোকে, বিশ্বাস, বাক্য, জ্ঞান, সকলোবিধ যত্ন আৰু প্ৰেম, এই সকলোতে যেনেকৈ আমাৰ বাবে উপচি পৰিছে, তেনেকৈ সেই অনুগ্ৰহতো উপচি পৰিবলৈ চেষ্টা কৰক।8এই কথা আজ্ঞা দিয়াৰ দৰে কোৱা নাই, কিন্তু আন ব্যক্তিৰ যত্নৰ দ্বাৰাই আপোনালোকৰ প্ৰেমৰ সত্যতা বিবেচনা কৰিহে কৈছোঁ।9কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷10এই বিষয়টো আপোনালোকৰ পক্ষে উপযুক্ত, সেই কাৰণে মই পৰামৰ্শহে দিছোঁ; কিয়নো আপোনালোকে এবছৰৰ আগেয়ে কোনো কাৰ্য কৰিবলৈ বিচাৰিছিল, কেৱল সেয়াই নহয়, কিন্তু নিজ ইচ্ছাৰে কৰিবলৈ প্ৰস্তুতো আছিল৷11এতিয়া সেই কাৰ্য সিদ্ধ কৰক৷ যেনেকৈ ইচ্ছা আৰু প্ৰস্তুততা আছিল, তেনেকৈ শক্তি অনুসাৰে সেই কার্য সিদ্ধও কৰক৷12কিয়নো কার্য কৰিবলৈ প্ৰস্তুততা থাকিলে, শক্তি নথকাৰ দৰে নহয়, কিন্তু শক্তি থকাৰ দৰে কৰিলেহে গ্ৰাহ্য হয়।13কিয়নো আন লোক সকলে কাৰ্য নকৰি জিৰণি ল’ব আৰু আপোনালোকে কাৰ্যৰ দায়িত্ব ল’ব, এনে নহয়; কিন্তু সকলোৰে ন্যায় হওক৷14এই বৰ্ত্তমান সময়ত আপোনালোকৰ প্ৰাচুৰ্যতাই তেওঁলোকৰ অভাৱ পূৰ্ণ কৰিব৷ এইদৰে তেওঁলোকৰ প্ৰাচুৰ্যতায়ো আপোনালোকৰ অভাৱ পূৰ্ণ কৰিব আৰু ইয়াতে সকলোৰে বাবে সমতা স্থাপন হয়;15যি দৰে লিখাও আছে,“যি জনে অধিক গোটাইছিল, তেওঁৰ একো নাথাকিল;কিন্তু যি জনে অলপ গোটাইছিল, তেওঁৰ অভাৱ নহ’ল”।16কিন্তু যি ঈশ্বৰে আপোনালোকৰ অৰ্থে তীতৰ হৃদয়ত সেই একে উৎসাহ জন্মাইছে, তেওঁ ধন্য।17কিয়নো তেওঁ আমাৰ উদগণি গ্ৰহণ কৰিলে কিন্তু তাতকৈয়ো নিজে উৎসাহী হৈ, নিজ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ গ’ল।18তাতে তীতৰ সৈতে আমাৰ এজন ভাই, যি জনে শুভবাৰ্তা ঘোষণা কৰা বিষয়ত সকলো মণ্ডলীৰ মাজত প্ৰশংসা লাভ কৰিছে; সেই জন ভাইক আমি তেওঁৰ লগত পঠাই দিলোঁ৷19তেওঁ কেৱল মৰ্যদা পোৱা ব্যক্তিয়ে নহয়, কিন্তু প্ৰভুৰ গৌৰৱ আৰু আমাৰ প্ৰস্তুততাৰ অর্থে, আমাৰ যোগেদি সাধিত হ’ব লগা প্ৰভুৰ অনুগ্ৰহৰ কাৰ্যত আমাৰ সহযাত্ৰী হ’বলৈ মণ্ডলী সকলৰ দ্বাৰাই পৰিচাৰকৰূপে মনোনীত হোৱা৷20আৰু আমাৰ দ্বাৰাই সাধিত হ’ব লগা এই মহা-দানৰ বিষয়ে কোনেও যেন আমাৰ বদনাম নকৰে, তাৰ বাবে আমি সতৰ্ক হৈছোঁ;21কিয়নো কেৱল প্ৰভুৰ দৃষ্টিত নহয় কিন্তু মানুহৰ আগতোযি যি উচিত, সেইটোহে আমি চিন্তা কৰিছোঁ।22আৰু তেওঁৰ সৈতে আন এজন ভাইক আমি পঠিয়ালোঁ৷ তেওঁক আমি অনেকবাৰ অনেক বিষয়ত পৰীক্ষা কৰি এইবোৰ কাৰ্যত উৎসাহী পালোঁ আৰু আপোনালোকৰ প্ৰতি থকা তেওঁৰ দৃঢ় বিশ্বাসৰ কাৰণে এইবাৰ অধিক আগ্ৰহী দেখিলোঁ৷23তীতৰ বিষয়ে হ’লে, তেওঁ মোৰ সহভাগী আৰু আপোনালোকৰ প্ৰতি মোৰ পাঁচনি কৰ্মৰ সহকাৰী৷ আমাৰ ভাই দুজনৰ বিষয়ে হ’লে, তেওঁলোক মণ্ডলী সমূহৰ দূত আৰু খ্ৰীষ্টৰ গৌৰৱ স্বৰূপ।24এতেকে আপোনালোকৰ প্ৰেম প্ৰকাশ কৰক আৰু আন মণ্ডলীবোৰৰ মাজত আপোনালোকৰ বিষয়ে যি গৌৰৱ কৰিছিলোঁ, সেয়া প্ৰকাশ কৰক৷