1 ৰাজাৱলি16asm_irv
1পাছত হনানীৰ পুত্ৰ যেহূৰ ওচৰলৈ বাচাৰ বিৰুদ্ধে যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,2“যদিও মই তোমাক ধূলিৰ পৰা তুলি মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ, তথাপিও তুমি যাৰবিয়ামৰ পথত চলিলা আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ পাপৰ দ্বাৰাই মোৰ ক্রোধ জন্মাবলৈ তেওঁলোকক পাপত লিপ্ত কৰিবলৈ দিলা।3চোৱা, মই বাচা আৰু তেওঁৰ বংশক সম্পূর্ণৰূপে ধ্বংস কৰিম, আৰু নবাটৰ পুত্ৰ যাৰবিয়ামৰ বংশৰ দৰে তোমাৰ বংশলৈ তেনেদৰে কৰিম।4বাচাৰ বংশৰ যি জন লোকৰ নগৰত মৃত্যু হ’ব, তেওঁক কুকুৰবোৰে খাব আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”5বাচাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁ কৰা কাৰ্য আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?6পাছত বাচা তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তিৰ্চাত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ এলা তেওঁৰ পদত ৰজা হ’ল।7হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷8যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ ছাবিশ বছৰত বাচাৰ পুত্ৰ এলাই ইস্ৰায়েলৰ ওপৰত তিৰ্চাত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ দুবছৰলৈ ৰাজত্ব কৰিছিল।9পাছত জিম্ৰীৰ নামেৰে তেওঁৰ এজন দাসে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। তেওঁ ৰজা এলাৰ ৰথৰ সৈন্যৰ আধা লোকৰ অধ্যক্ষ আছিল৷10যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত যেতিয়া এলাই তিৰ্চাত নিজৰ ঘৰগিৰী অৰ্চাৰ ঘৰত পান কৰি মতলীয়া অৱস্থাত আছিল, তেতিয়া জিম্ৰীয়ে সোমাই গৈ, তেওঁক প্ৰহাৰ কৰি বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।11তেওঁ ৰজা হৈ সিংহাসনত বহা মাত্ৰকে বাচাৰ সকলো বংশকে তেওঁ বধ কৰিলে৷ তেওঁ বাচাৰ সম্বন্ধীয়া কোনো এজন পুৰুষ বা তেওঁৰ পৰিয়ালৰ লোক বা তেওঁৰ বন্ধুসকলৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।12এই দৰে যেহূ ভাববাদীৰ দ্বাৰাই বাচাৰ বিৰুদ্ধে কোৱা যিহোৱাৰ বাক্য অনুসাৰে জিম্ৰীয়ে তেওঁৰ সকলো বংশ বিনষ্ট কৰিলে।13বাচা আৰু তেওঁৰ পুত্ৰ এলাই নিজৰ অসাৰ প্ৰতিমাবোৰৰ দ্বাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্রোধত উত্তেজিত কৰাবলৈ যি যি পাপ কৰিছিল, সেই সকলো পাপৰ কাৰণে এই সকলো ঘটিল।14এলাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁৰ সকলো কাৰ্যৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?15যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত জিম্ৰীয়ে মাত্ৰ সাত দিন তিৰ্চাত ৰাজত্ব কৰিছিল। সেই সময়ত সৈন্যসকলে পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনৰ কাষত ছাউনি পাতি আছিল।16পাছত সেই ছাউনিত থকা লোকসকলে শুনিবলৈ পালে যে, “জিম্ৰীয়ে চক্ৰান্ত কৰি ৰজাক বধ কৰিলে।” তেতিয়া সমুদায় ইস্ৰায়েলে সেই দিনা ছাউনিৰ মাজত অম্ৰী নামেৰে সেনাপতিজনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।17পাছত অম্ৰী আৰু তেওঁৰ লগত সমুদায় ইস্ৰায়েলে গিব্বথোনৰ পৰা যাত্ৰা কৰি গৈ তিৰ্চা অৱৰোধ কৰিলে।18যেতিয়া জিম্ৰীয়ে নগৰখন দখল কৰি লোৱা দেখিলে, তেতিয়া তেওঁ ৰাজ-গৃহত লাগি থকা দুর্গত সোমাল, আৰু তাৰ চাৰিওফালে জুই লগাই দিলে৷ এইদৰে তেওঁ জুইত প্ৰাণত্যাগ কৰিলে।19তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰি যি যি পাপ কৰিছিল আৰু যাৰবিয়ামৰ দৰে তেওঁ পাপ কৰিছিল, সেই কাৰ্যবোৰৰ দ্বাৰাই ইস্ৰায়েলকো পাপত লিপ্ত কৰাইছিল; এইবোৰৰ কাৰণে তেওঁৰ এনে গতি হ’ল।20জিম্ৰীৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁ কৰা চক্ৰান্তৰ কথাৰ বিষয়ে জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?21সেই সময়ত ইস্ৰায়েলৰ লোকসকলক দুভাগ কৰা হ’ল; এভাগ লোকে গীনতৰ পুত্ৰ তিব্নীক ৰজা পাতি, তেওঁৰ পাছত চলোঁতা হ’ল আৰু আন ভাগে অম্ৰীৰ পাছত চলিবলৈ ধৰিলে।।22কিন্তু অম্ৰীৰ পাছত চলা লোকসকল গীনতৰ পুত্ৰ তিব্নীৰ পাছত চলা লোকসকলতকৈ শক্তিশালী আছিল৷ তাতে তিব্নীৰ মৃত্যু হোৱাত অম্ৰী ৰজা হ’ল।23যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ একত্ৰিশ বছৰত অম্ৰীয়ে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে আৰু তেওঁ বাৰ বছৰলৈ ৰাজত্ব কৰিছিল৷ তেওঁ তিৰ্চাত ছবছৰ ৰাজত্ব কৰিছিল।24পাছত তেওঁ দুই কিক্কৰ ৰূপ দি চেমৰৰ পৰা চমৰিয়া পৰ্বত কিনি ল’লে৷ আৰু তাৰ ওপৰত এখন নগৰ সাজি, সেই পৰ্বতৰ গৰাকী চেমৰৰ নাম অনুসাৰেই, তেওঁ নিজে সজা সেই নগৰৰ নাম চমৰিয়া ৰাখিলে।25কিন্তু অম্ৰীয়ে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু তেওঁৰ পূর্বে যিসকল আছিল, তেওঁলোকতকৈয়ো তেওঁ অধিক দুৰাচাৰী হ’ল।26কিয়নো নবাটৰ পুত্ৰ যাৰবিয়াম যি কুপথত চলিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল আৰু তেওঁলোকৰ অসাৰ প্ৰতিমাবোৰৰ দ্ৱাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাইছিল, অম্ৰীৰেও ঠিক সেইদৰেই চলিল৷27অম্ৰীৰ আন অৱশিষ্ট কাৰ্যৰ বৃত্তান্তৰ বিষয়ে, তেওঁ দেখুউৱা পৰাক্ৰমৰ কথা, সেই বিষয়ে ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?28পাছত অম্ৰী তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক চমৰিয়াত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ আহাব তেওঁৰ পদত ৰজা হ’ল।